COVID-19ৰ ভেকচিন ল’লে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ক‘ভিড-১৯ৰ সংহাৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছতে বিশ্বজুৰি ভেকচিনৰ গৱেষণা চলি আছে। তেনেসময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাজহুৱাকৈ ল’লে ভেকচিন।
ক’ভিড-১৯ৰ ভেকচিন লোৱা সময়ৰ দৃশ্য বিশ্ববাসীৰ সন্মুখত ভেকচিন লোৱা দৃশ্য টেলিভিছনযোগে সম্প্ৰচাৰ কৰা হয়। এই ভাইৰাছৰ সজাগতা বৃদ্ধিৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
ফাইজাৰ আৰু বায়’এনটেক নামৰ এটা প্ৰতিষ্ঠানে এই প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে। কিছুদিনৰ পাছতে বিশ্বজুৰি ভেকচিন উপবদ্ধ হোৱাৰ আশংকা কৰা হৈছে।