নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইথি’পিয়াত ১৩ সাংবাদিকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ মে: আফ্রিকান ৰাষ্ট্র ইথি’পিয়াত বাক্ স্বাধীনতা খর্ব কৰাৰ অভিযোগ উঠিছে চৰকাৰৰ বিৰুদ্ধে৷ দেশখনৰ চৰকাৰক কঠোৰভাৱে সমালোচনা কৰাৰ বাবেই যোৱা এটা সপ্তাহত আফ্রিকান দেশখনত ১৩গৰাকী সাংবাদিকক গ্রেপ্তাৰ কৰা হৈছে৷

সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিৰুদ্ধে এনে পদক্ষেপ গ্রহণ কৰি বিভিন্ন মহলৰ গৰিহণাৰ সন্মুখীন হ’বলগীয়া হৈছে ইথি’পিয়া চৰকাৰ৷ উল্লেখনীয় যে ৰাজধানী আদিছ আবাবাত কালি পুনৰ দুগৰাকী সংবাদকর্মীক গ্রেপ্তাৰ কৰা হয়৷ দেশখনৰ আমহাৰা অঞ্চলত অস্থিৰতা সৃষ্টিৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে কেইবাহাজাৰো লোকক গ্রেপ্তাৰ কৰিছে৷

শেহতীয়াকৈ সাংবাদিকসকলকো অস্থিৰতা সৃষ্টিৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে৷ স্মর্তব্য যে আমেৰিকান সংগঠন ‘কমিটী টু প্রটেক্ট জার্নেলিষ্ট’ৰ তথ্য অনুসৰি, ইথি’পিয়াত পূর্বৰে পৰা সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব হৈ আহিছে৷

You might also like