ড’নাল্ড ট্রাম্পতকৈ আগবাঢ়ি আছে কমলা হেৰিছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ জ’ বাইডেনৰ পৰিৱর্তে আমেৰিকাত ডেম’ক্রেটিক দলৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হৈছে কমলা হেৰিছ৷ হেৰিছক ৰাষ্ট্রপতি পদৰ প্রার্থী কৰাৰ লগে লগে ডেম’ক্রেটিক দলে যেন বিজয়ৰ সম্ভাৱনা দেখিবলৈ পাইছে৷ শেহতীয়াকৈ এক সমীক্ষাত দেখা গৈছে যে ৰাষ্ট্রপতি হোৱাৰ দৌৰত ড’নাল্ড ট্রাম্পক পিছ পেলাই গৈছে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে৷ চলিত বছৰৰ নৱেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচন৷ এই নির্বাচনত বাইডেনক ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিছিল ডেম’ক্রেটিক দলে৷ কিন্তু ৮১ বছৰীয়া বাইডেনে বিভিন্ন মহলৰ চাপৰ বাবে ৰাষ্ট্রপতি নির্বাচনৰ পৰা নাম প্রত্যাহাৰ কৰে৷ ইতিমধ্যে ডেম’ক্রেটিক দলৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিছে কমলা হেৰিছে৷ চিকাগোত অনুষ্ঠিত ডেম’ক্রেটিক সন্মিলনৰ পূর্বে এক সমীক্ষাত দেখিবলৈ পোৱা গৈছে যে ড’নাল্ড ট্রাম্পতকৈ আমেৰিকাৰ জনসাধাৰণে কমলা হেৰিছকেই পৰৱর্তী ৰাষ্ট্রপতি হিচাপে বিচাৰে৷ ডেম’ক্রেটিক সন্মিলনত ৩,২০০ প্রতিনিধিয়ে কমলাৰ ৰাষ্ট্রপতি পদ প্রার্থী হোৱাৰ পক্ষত ভোটদান কৰাৰ সম্ভাৱনা আছে৷