হোৱাইট হাউছত আক্ৰমণৰ ষড়যন্ত্ৰ ভাৰতীয় যুৱক কান্দুলাৰ
সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২২ জানুৱাৰীঃ হোৱাইট হাউছত আক্ৰমণৰ অভিযোগত ভাৰতীয় যুৱকক কাৰাদণ্ড বিহা হৈছে। আমেৰিকাৰ হোৱাইট হাউছত আক্ৰমণৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল এগৰাকী ভাৰতীয়ই। সাই বৰ্শিত কান্দুলা নামৰ ২০ বছৰীয়া যুৱকজনক ইতিমধ্যে এই গোচৰত ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছে। এক শুনানিৰ অন্তত আদালতে ভাৰতীয় যুৱকজনক এই শাস্তি প্ৰদান কৰে। অভিযোগ অনুসৰি, ২০২৩ চনৰ ২০ মে’ত এখন ভাৰাৰ ট্ৰাকেৰে হোৱাইট হাউছত আক্ৰমণৰ চেষ্টা কৰিছিল যুৱকজনে। ন্যায় বিভাগে জনোৱা মতে, এই আক্ৰমণৰ উদ্দেশ্য আছিল গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আমেৰিকান চৰকাৰক উৎখাত কৰা। কান্দুলাই ২০২৪ চনৰ ১৩ মে’ত ইচ্ছাকৃত আঘাত বা আমেৰিকাৰ সম্পত্তি ধ্বংস কৰাৰ অভিযোগত দোষ স্বীকাৰ কৰিছিল। ভাৰতৰ চান্দানগৰত জন্মগ্ৰহণ কৰা কান্দুলা গ্ৰীন কাৰ্ডৰ সৈতে আমেৰিকাৰ আইনী স্থায়ী বাসিন্দা আছিল। জিলা আদালতৰ ন্যায়াধীশে কান্দুলাক ৩ বছৰৰ বাবে তত্ত্বাৱধানত মুকলি কৰাৰো নিৰ্দেশ দিয়ে।