আঘাত : বিশ্বকাপৰ পৰাও বাহিৰ কেন উইলিয়ামছন
বিশেষ বাৰ্তা, ৬ এপ্রিলঃ কেৱল আই পি এলৰ পৰাই নহয়, এদিনীয়া বিশ্বকাপৰ পৰাও বাহিৰ হ’বলগীয়া হৈছে কেন উইলিয়ামছন৷ আই পি এলৰ উদ্বোধনী মেচত ঋতুৰাজ গাইকোৱাডৰ ছয় ৰক্ষা কৰিবলৈ গৈ আঁঠুত গুৰুতৰভাৱে আঘাত পাইছিল নিউজিলেণ্ডৰ অধিনায়কগৰাকীয়ে৷ আঘাতৰ গভীৰতা ইমানেই গুৰুতৰ যে আই পি এলৰ পৰা বাদ পৰিবলগীয়া হৈছে উইলিয়ামছন৷ আঁঠুৰ স্কেনৰ ৰিপ’ৰ্ট পৰীক্ষা কৰাৰ পিছত তিনি সপ্তাহৰ ভিতৰত অস্ত্রোপচাৰ কৰিবলৈ পৰামর্শ দিছে চিকিৎসকসকলে৷ সেয়া হ’লে সম্পূর্ণৰূপে সুস্থ হৈ পুনৰ খেলপথাৰলৈ উভতি আহিবলৈ তেওঁক কমেও ছমাহৰ প্রয়োজন হ’ব৷ কিন্তু অক্টোবৰত ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ তাৰ পূর্বে উইলিয়ামছন সুস্থ হৈ উঠাৰ সম্ভাৱনা নাই৷ ফলত এদিনীয়া বিশ্বকাপৰ পৰাও বাহিৰ হ’ল নিউজিলেণ্ডৰ তাৰকা বেটাৰগৰাকী৷ ইয়াৰ ফলত ভীষণ সমস্যাত পৰিছে নিউজিলেণ্ড ব’ৰ্ড৷ কাৰণ দলৰ মুখ্য বেটাৰ হোৱাৰ লগতে তেওঁ দলৰ অধিনায়কো৷