নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমৰে সম্পর্ক স্থাপনত ব্যর্থ জ’ বাইডেন প্রশাসন

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ আমেৰিকাত ৰাষ্ট্রপতি জ’ বাইডেনে শপত গ্রহণ কৰাৰ পিছৰে পৰা কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ সৈতে বিভিন্ন ধৰণে সম্পর্ক স্থাপন কৰিবলৈ প্রচেষ্টা চলাইছে যদিও দেশখনৰ শীর্ষ নেতা কিম জং–উনে আমেৰিকাৰ এই প্রচেষ্টাৰ প্রতি কোনোধৰণৰ সঁহাৰি জনোৱা নাই৷ ফেব্রুৱাৰী মাহৰে পৰা বাইডেন প্রশাসনে উত্তৰ কোৰিয়া চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সকলো ধৰণৰ প্রচেষ্টা চলাইছে৷

দেশখনৰ সৈতে বৃদ্ধি পাই থকা উত্তেজনা প্রশমিত কৰিবলৈ আমেৰিকাই প্রচেষ্টা চলালেও কিম জং–উনে এইক্ষেত্রত গুৰুত্ব প্রদান নকৰাৰ ফলত উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ সম্পর্কৰ অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে৷

লক্ষণীয়ভাৱে আমেৰিকাৰ কেইবাগৰাকীও বিশেষজ্ঞই উত্তৰ কোৰিয়া বর্তমান পৰমাণু আৰু বেলিষ্টিক ক্ষেপণাস্ত্র নির্মাণত ব্যস্ত বুলি ঘোষণা কৰিছে৷ দেশখনে হোৱাইট হাউছ প্রশাসনৰ সৈতে পুনৰ সম্পর্ক স্বাভাৱিক কৰি তুলিবলৈ প্রচেষ্টা চলাবনে নাই তাক লৈও সন্দেহ প্রকাশ কৰিছে কেইবাগৰাকীও নিৰাপত্তা বিশেষজ্ঞই৷

স্মর্তব্য যে ড’নাল্ড ট্রাম্পৰ সৈতে কিম জং–উনৰ ভিয়েটনামৰ আলোচনা ব্যর্থ হোৱাৰ পিছৰে পৰা উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজত সম্পর্কত পুনৰ হেঙাৰ সৃষ্টি হৈছে৷

You might also like