নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিম জং উনৰ স্বৈৰাচাৰ : বানপানী প্রতিৰোধত ব্যৰ্থ ৩০ বিষয়াক ৰাজহুৱা মৃত্যুদণ্ড

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : উত্তৰ কোৰিয়াৰ একছত্রী শাসক কিম জং উনৰ নিষ্ঠুৰ সিদ্ধান্ত আৰু স্বৈৰাচাৰে বিশ্ববাসীক হতভম্ব কৰি তোলে৷ নিজৰ দেশৰ আইন ভংগকাৰীক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰাৰ সমান্তৰালকৈ কর্তব্যত গাফিলতি কৰা চৰকাৰী বিষয়াকো অনুৰূপ শাস্তি বিহাটো কিম জং উনৰ স্বাভাৱিক সিদ্ধান্ত হৈ পৰিছে৷ উত্তৰ কোৰিয়াত বানপানীৰ কবলত ১৫ হাজাৰতকৈ অধিক লোক গৃহহীন হৈ পৰাৰ লগতে প্রায় চাৰি হাজাৰ লোকৰ মৃত্যু হোৱা ঘটনাক লৈ শাসক উনে ৩০ বিষয়াক ৰাজহুৱা মৃত্যুদণ্ড বিহিছে৷ বানপানী কিয় প্রতিৰোধ কৰিব নোৱাৰিলে, তাৰ বাবেই এই বিষয়াৰ বিৰুদ্ধে দুর্নীতি আৰু কর্তব্যত অৱহেলা কৰাৰ অভিযোগত অভিযুক্ত কৰি বিষয়াকেইজনক ৰাজহুৱাভাৱে মৃত্যুদণ্ড বিহাৰ নিৰ্দেশ দিছে শাসক উনে৷ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত কিম জং উনৰ এই নিষ্ঠুৰ সিদ্ধান্তৰ বিষয়ে প্রকাশ পাইছে৷ তাৎপর্যপূর্ণ যে উত্তৰ কোৰিয়াৰ পৰা কোনোধৰণৰ এনে সিদ্ধান্তৰ বিষয়ে পৃথিৱীবাসী জ্ঞাত হোৱাৰ কোনো উপায় নাথাকে৷ কিয়নো উত্তৰ কোৰিয়াৰ কোনো সংবাদ মাধ্যমে শাসক উনৰ বিৰুদ্ধে তথ্য প্রচাৰ নকৰে৷ চুবুৰীয়া ৰাষ্ট্র দক্ষিণ কোৰিয়াই শাসক উনে পাৰমাণৱিক বোমা পৰীক্ষণ কৰাৰ লগতে দেশখনত সংঘটিত ঘটনাসমূহ প্রচাৰ কৰি আহিছে৷ বানপানী প্রতিৰোধ কৰিব নোৱাৰাৰ বাবেই ৩০ বিষয়াক ৰাজহুৱা মৃত্যুদণ্ড বিহা ঘটনাটিও দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত প্রকাশ পাইছে৷ প্রকাশিত তথ্য অনুসৰি, জুলাই মাহত ভয়াৱহ বানৰ কবলত পৰি উত্তৰ কোৰিয়াৰ এটা অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছিল৷ চাৰি হাজাৰ লোকৰ প্রাণহানি হৈছিল৷ ইয়াৰ বাবেই শাসক উনে উক্ত অঞ্চলটোৰ দায়িত্বত থকা ৩০ বিষয়াক ৰাজহুৱা মৃত্যুদণ্ড বিহিছে৷ উল্লেখ্য যে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ তদানীন্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ বৈঠক আয়োজন কৰাত বিফল হোৱা বাবেই উত্তৰ কোৰিয়াৰ পাৰমাণৱিক প্রতিনিধি কিম হিয়ক চোলক মৃত্যুদণ্ড বিহাৰ পাছত শাসক উনে বানপানী প্রতিৰোধ কৰিব নোৱাৰা বাবে ৩০ বিষয়াক ৰাজহুৱা মৃত্যুদণ্ডৰ আদেশ দিছে৷ লক্ষণীয় যে ক’ভিড–১৯ৰ পূর্বে দেশখনত বছৰি গড়ে ১০জনক ৰাজহুৱা মৃত্যুদণ্ড দিয়াৰ ইতিহাস আছে৷

You might also like