নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন সুখ দিবলৈ সুন্দৰী তৰুণীৰ সুখ বাহিনী গঠন কিম জং-উনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : উত্তৰ কোৰিয়াৰ অত্যাচাৰী শাসক কিম জং-উনে অগতানুগতিক ঘটনাৰ বাবে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে৷ কট্টৰ শাসকগৰাকীয়ে নিজৰ সুখ আৰু আনন্দৰ বাবে প্রজাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছে৷ ব্যক্তিগত সুখৰ বাবে কুমাৰী সুন্দৰীৰ জাক লগত লৈ বাস কৰে কিমে৷ এই সুন্দৰীৰ জাকক কোৱা হয় ‘প্লিজাৰ স্কোৱাড’ বা ‘সুখ বাহিনী’৷ সুন্দৰী ৰমণীসকলক এই বাহিনীৰ বাবে কিমে নিজেই বাছনি কৰে৷ এই সুন্দৰীসকলে কিমক দিবলগীয়া হয় যৌনতাৰ সুখ৷ ইয়াৰ উপৰি বিভিন্ন পদবীত কর্মৰত সামৰিক বিষয়াসকলক শাৰীৰিক সুখ দিবলগীয়া হয় এই বাহিনীয়ে৷ শেহতীয়াকৈ য়ে’নমি পার্ক নামৰ উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰা তৰুণী এগৰাকীৰ বক্তব্যৰ উদ্ধৃতি দি মিৰৰে এক চাঞ্চল্যকৰ প্রতিবেদন প্রকাশ কৰিছে৷ এই প্রতিবেদন অনুসৰি বছৰি সুখ বাহিনীৰ বাবে ২৫জনী কুমাৰী সুন্দৰীক বাছনি কৰা হয়৷ ইয়াৰে অধিকসংখ্যকক কিমে নিজেই বাছনি কৰাৰ উপৰি কিছুমানক শীর্ষ সেনা বিষয়াসকলেও বাছনি কৰে৷ কিমৰ প্রতি আনুগত্য থাকিব লাগে এই সুন্দৰীসকলৰ৷ স্মর্তব্য যে পূর্বেও কিমৰ এই সুখ বাহিনীক লৈ বিশ্বৰ সংবাদ মাধ্যমত আলোড়ন সৃষ্টি হৈছিল৷ লক্ষণীয়ভাৱে প্রতিবছৰে শিক্ষানুষ্ঠানসমূহত গৈ সুন্দৰী ৰমণীসকলক এই বাহিনীৰ বাবে বাছনি কৰা হয়৷ অৱশ্যে সুন্দৰীসকলৰ পাৰিবাৰিক ইতিবৃত্ত তথা ৰাজনৈতিক মর্যাদাকো গুৰুত্ব দিয়া হয়৷ সকলোবোৰ ঠিকে থাকিলে সুন্দৰী ৰমণী এজনী কিমৰ সুখ বাহিনীৰ বাবে নির্বাচিত হ’ব পাৰে৷ লক্ষণীয় বিষয়টো হৈছে কিম আৰু শীর্ষ বিষয়াসকলক সুখ দিয়াটোৱেই এই বাহিনীৰ কাম৷

You might also like