কিম জং–উনৰ ১৪০
🔷 দক্ষিণ কোৰিয়াৰ চাঞ্চল্যকৰ দাবী
বিশেষ বাৰ্তা, ২ জুনঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ ওজন বর্তমান ১৪০ কিলোগ্রাম। এই তথ্য প্রকাশ কৰিছে দক্ষিণ কোৰিয়াৰ সেনাই৷ দক্ষিণ কোৰিয়াই দাবী কৰা অনুসৰি কৃত্রিম মেধা অর্থাৎ এআয়ে এই তথ্য বিচাৰ কৰি উলিয়াইছে৷ কিমৰ স্বাস্থ্যক লৈ দীর্ঘদিন ধৰি বিভিন্ন ধৰণৰ আলোচনা শুনিবলৈ পোৱা গৈছে৷ নিয়মীয়া ধূমপান, সুৰাপান, অত্যধিক হাৰত বাঢ়ি থকা মেদ আদিক লৈ সঘনে বিদেশী সংবাদ মাধ্যমত চর্চা চলি আহিছে৷ আনকি বিভিন্ন সময়ত অসুস্থ হৈ ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা বুলিও সংবাদ প্রকাশ পাইছিল৷ শেহতীয়া তথ্য অনুসৰি কিমৰ দুই চকুৰ চৌদিশে ক’লা দাগ পৰিছে৷ কৃত্রিম মেধাৰ পর্যবেক্ষণ অনুসৰি কিমৰ ওজন ১৪০ কিলোগ্রাম৷ উল্লেখনীয় যে যোৱা ১৬ মে’ত অন্তিমবাৰৰ বাবে ৰাজহুৱা স্থানত দেখিবলৈ পোৱা গৈছিল ৩৯ বছৰীয়া শীর্ষনেতাগৰাকীক ৷