নিজে গাড়ী চলাই ঘৰৰ পৰা ষ্টেডিয়ামলৈ কোহলি
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ দীর্ঘদিনৰ পিছত ঘৰুৱা খেলপথাৰত নামিবলৈ আগবঢ়া বিৰাট কোহলি ভিতৰি ভিতৰি ৰোমাঞ্চিত হৈ পৰিছে৷ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলিবলৈ নমাৰ পূর্বে ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে নিজেই ঘৰৰ পৰা গাড়ী চলাই অনুশীলনলৈ গৈছে৷ সেই ছবি তেওঁ নিজেই পোষ্টো কৰিছে৷ উল্লেখ্য যে ২০১৯ চনৰ মার্চত অন্তিমবাৰ দিল্লীৰ কোটলাত খেলিছিল কোহলিয়ে৷ সেইখন আছিল এদিনীয়া মেচ৷ ইয়াৰ পিছৰ মাহতে আই পি এলত দিল্লীৰ বিৰুদ্ধে আৰ চি বিৰ হৈ খেলিছিল তেওঁ৷ দিল্লী তেওঁৰ ঘৰুৱা খেলপথাৰ৷ শৈশৱৰ পৰা এই ষ্টেডিয়ামত তেওঁৰ অসংখ্য স্মৃতি সজীৱ হৈ আছে৷ ৰঞ্জিৰ লগতে ঘৰুৱা ক্রিকেটৰ বিভিন্ন বয়সভিত্তিক স্তৰত প্রচুৰ মেচ খেলিছে তেওঁ৷ অহা ১৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা দ্বিতীয়খন টেষ্টতো তেওঁৰ ওপৰতে সকলোৰে দৃষ্টি থাকিব৷ ঘৰুৱা খেলপথাৰত টেষ্ট অনুষ্ঠিত হোৱা বাবে ঘৰৰ পৰা গাড়ী চলাই অনুশীলনলৈ যোৱাৰ লোভনীয় সুযোগ হেৰুৱাব নিবিচাৰিলে তেওঁ৷ এই প্রসংগত তেওঁ লিখিছে– ‘বহুদিন পিছত দিল্লীত দীঘলীয়া সময় গাড়ী চলাই ষ্টেডিয়ামলৈ আহিলোঁ৷ খুব নষ্টালজিক অনুভূতি হৈছে৷’ উল্লেখ্য যে কোহলি মুম্বাইত থাকে যদিও দিল্লীতো তেওঁৰ ঘৰ আছে, য’ত তেওঁৰ মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসকল থাকে৷