ডুবাইত খেলপথাৰত বহি খাদ্য গ্ৰহণ কোহলিৰ
🔹 ব্যক্তিগত ৰান্ধনী নিয়াত বাধা ব’ৰ্ডৰ
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত অষ্ট্রেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিচিচিআইৰ নির্দেশ আছিল যে ভ্রমণৰ সময়ত ক্রিকেটাৰসকলে ব্যক্তিগত ৰান্ধনী লগত নিব নোৱাৰিব৷ এই নির্দেশনাৰ পিছতো টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে ডুবাইত খালে নিজৰ প্রিয় খাদ্য৷ দেওবাৰে ডুবাই ক্রিকেট একাডেমীত অনুশীলন কৰে ভাৰতীয় দলটোৱে৷ অনুশীলনৰ সময়ত কোহলিক স্থানীয় মেনেজাৰৰ সৈতে কথা পতা দেখা গৈছিল৷ ইয়াৰ পিছতে মেনেজাৰজনে খেলপথাৰৰ পৰা ওলাই যায় আৰু কিছু সময়ৰ পিছত হাতত খাদ্যৰ পেকেট কেইটামান লৈ খেলপথাৰত প্রৱেশ কৰে আৰু সেইবোৰ কোহলিৰ হাতত গতাই দিয়ে৷ জানিব পৰা মতে, তাৰকা ক্রিকেটাৰগৰাকীয়ে নিজৰ প্রিয় ৰেষ্টুৰেণ্ট এখনৰ পৰা খাদ্য আনিছিল৷ অনুশীলনৰ অন্তত দলটোৰ বাকীসকল সদস্যই কিট বেগ পেক কৰাৰ সময়তে কোহলিয়ে খেলপথাৰত বহি নিজৰ প্রিয় খাদ্য খায়৷ প্রিয় খাদ্যৰ এটা টোপোলা লৈ বাছতো উঠে কোহলিয়ে৷