টেষ্ট ক্ৰিকেটত ৰান মেচিন কোহলিৰ অনবদ্য অভিলেখ
বাৰ্তা ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰঃ ২০২৩ চনত বিৰাট কোহলিয়ে নিজৰ নামত এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো ক্ৰিকেটৰ ১৪৬ বছৰীয়া ইতিহাসত কোনো বেটছমেনে কৰা নাই। আনকি সৰ্বাধিক শতক আৰু সৰ্বাধিক ৰান কৰা মহান খেলুৱৈ শচীন টেণ্ডুলকাৰেও নিজৰ কেৰিয়াৰত এনে অভিলেখ গঢ়িব নোৱাৰিলে। আচলতে বিৰাট কোহলীয়ে ২০২৩ চনৰ শেষ ইনিংছ খেলিছিল চেঞ্চুৰিয়ানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত। এই ইনিংছত কোহলিয়ে ৭৬ ৰান সংগ্ৰহ কৰে, আৰু এই ৰানসমূহৰ সৈতে বিৰাট কোহলিয়ে ২০২৩ চনত ২০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। বিৰাট কোহলিয়ে এইবাৰ মুঠ ২০৪৮ ৰান সংগ্ৰহ কৰিছে। ২০২৩ চনত ২০০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ পাছত বিৰাট কোহলীয়ে ৭টা কেলেণ্ডাৰ বছৰত ২০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। সেই অনুসৰি ২০১২ চনত ২১৮৬ ৰান, ২০১৪ চনত ২২৮৬ ৰান, ২০১৬ চনত ২৫৯৫ ৰান, ২০১৭ চনত ২৮১৮ ৰান, ২০১৮ চনত ২৭৩৫ ৰান, ২০১৯ চনত ২৪৫৫ ৰান, ২০২৩ চনত ২০৪৮ ৰান। ২০১২ চনত বিৰাট কোহলীয়ে প্ৰথমবাৰৰ বাবে ২০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে চাৰি বছৰ ধৰি বিৰাট কোহলীয়ে ২০০০তকৈ অধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছিল। কিন্তু ২০১৯ চনৰ পিছত বিৰাট কোহলীৰ বেট স্তব্ধ হৈ পৰিল, আৰু তাৰ পিছত পিছৰ তিনি বছৰলৈকে বিৰাট কোহলিৰ বেটখনে তেওঁৰ বাবে জনাজাত দৰে ভাল প্ৰদৰ্শন নকৰিলে। এই সময়ছোৱাত বিৰাট কোহলিৰ বেটৰ পৰা এটাও শতক নহ’ল যদিও ২০২২ চনত অনুষ্ঠিত এছিয়া কাপৰ সময়ত বিৰাট কোহলিয়ে আফগানিস্তানৰ বিৰুদ্ধে শতকৰ খৰাং পৰিস্থিতিৰ অন্ত পেলায়, লগতে টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতকো অৰ্জন কৰে। ইয়াৰ পাছতে বিৰাট কোহলীৰ বেট বন্ধ নহ’ল, ২০২৩ চনত আই পি এলৰ পৰা বিশ্বকাপলৈকে প্রতিটো ধৰণৰ প্রতিযোগিতাত কোহলিয়ে ৰান সংগ্ৰহ কৰে। আনকি ২০২৩ চনৰ বিশ্বকাপতো বিৰাট কোহলিয়ে সৰ্বাধিক ৭৬৫ ৰান সংগ্ৰহ কৰিছিল, আৰু লগতে বিশ্বকাপৰ একক ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছিল।