পাকিস্তানৰে মেচত ভুল জার্ছী পিন্ধিলে কোহলিয়ে
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : ভাৰত–পাকিস্তানৰ হাইভ’ল্টেজ মেচত অন্য জার্ছী পিন্ধি খেলপথাৰত নামে বিৰাট কোহলি৷ দলৰ সৈতে থিয় হৈ ৰাষ্ট্রীয় সংগীত গোৱাৰ সময়ত তেওঁ অন্য জার্ছী পৰিধান কৰা দেখা গৈছিল৷ কোহলিৰ জার্ছীৰ কান্ধৰ ওপৰত তিনিডাল বগা ৰঙৰ ষ্ট্রাইপছ দেখা গৈছিল৷ বিশ্বকাপত ভাৰতীয় খেলুৱৈৰ বাবে যি বিশেষ জার্ছী তৈয়াৰ কৰা হৈছে, তাত এনে ধৰণৰ বগা ষ্ট্রাইপ নাছিল৷ এই ষ্ট্রাইপ তিনিডাল ৰাষ্ট্রীয় পতাকাৰ ৰঙেৰে কৰা হৈছে৷ কোহলিয়ে সেই জার্ছী পৰিধান কৰি খেলপথাৰতো নামিছিল৷ কিছু সময়ৰ পিছত কোহলিক কোনোবাই এই ভুল জার্ছী পৰিধানৰ বিষয়টো অৱগত কৰায়৷ ইয়াৰ পিছত জার্ছী সলনি কৰিবলৈ খেলপথাৰ এৰি যায় তেওঁ৷ সেই সময়ত ফিল্ডিং কৰিবলৈ নামে ঈশান কিশন৷ অৱশ্যে বহুতেই এইক্ষেত্রত কোহলিক দোষাৰোপ কৰা নাই৷ কাৰণ যিকোনো মেচৰ পূর্বে ক্রিকেটাৰসকলৰ বাবে জার্ছী তেওঁলোকৰ নির্দিষ্ট স্থানত থয় কিট মেনেজাৰে৷ ক্রিকেটাৰসকলে ৱার্মআপৰ পিছত সেই জার্ছী পৰিধান কৰে৷ এইক্ষেত্রত কিট মেনেজাৰে এই ভুল কৰা বুলি ধাৰণা কৰা হৈছে৷