নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ৰাষ্ট্রপতি উপ–প্রেছ সচিবৰ দায়িত্বত ভাৰতীয় মূলৰ কুশ

নিউজ ডেস্ক, ২৭ জানুৱাৰী : নতুন মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ কেবিনেটত ইতিমধ্যে ভাৰতীয় বংশোদ্ভৱ কেইবাগৰাকীও নাগৰিকক স্থান দিয়া হৈছে৷ কাশ্যপ প্রমোদ পেটেল, জয় ভট্টাচার্যৰ পিছত এইবাৰ ট্রাম্পৰ টীমত জড়িত হ’ল ভাৰতীয় বংশোদ্ভৱ কুশ দেশাই৷ ৰাষ্ট্রপতিৰ উপ–প্রেছ সচিব হিচাপে দায়িত্ব লাভ কৰিছে আমেৰিকাৰ প্রাক্তন এই সাংবাদিকগৰাকীয়ে৷ হোৱাইট হাউছৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ উল্লেখনীয় যে ট্রাম্পৰ উপ–প্রেছ সচিব হিচাপে নিযুক্তি লাভ কৰাৰ কথা কুশ দেশায়ে নিজেও এক্স হেণ্ডেলত সদৰী কৰিছে৷ প্রাক্তন সাংবাদিক কুশ দেশাই ইয়াৰ পূর্বে ৰিপাব্লিকান নেচনেল কনভেনচনৰ ডেপুটী কমিউনিকেচন ডিৰেক্টৰ আছিল৷ ৰাজনীতিৰ ক্ষেত্রখনত জনসংযোগৰ ক্ষেত্রত ব্যাপক অভিজ্ঞতা আছে দেশাইৰ৷

You might also like