লাডাখত দ্রুতগতিত গলিছে হিমবাহ : উদ্বিগ্ন ভাৰতীয় বতৰ বিজ্ঞান বিভাগ
বিশেষ বাৰ্তা, ১ আগষ্ট : লাডাখত দ্রুতগতিত গলিছে হিমবাহ৷ অঞ্চলটোত তাপমাত্রা বৃদ্ধিৰ বাবেই হিমবাহ গলনত উদ্বিগ্ণতা প্রকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ বতৰ বিজ্ঞান বিভাগৰ লাডাখৰ সঞ্চালক চোনম লোটাছে লাডাখত তাপমাত্রা বৃদ্ধি পোৱাটো উদ্বিগ্ণতাৰ বিষয় হৈ উঠিছে বুলি প্রকাশ কৰিছে৷ যোৱা ৩০ জুলাইত লেহত সর্বাধিক তাপমাত্রা ৩০.৫ ডিগ্রী ছেলছিয়াচ স্পর্শ কৰাৰ পাছতেই সঞ্চালকগৰাকীয়ে তাপমাত্রা বৃদ্ধিৰ সমান্তৰালকৈ হিমবাহ গলনক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে লাডাখত জুলাই–আগষ্ট মাহত স্বাভাৱিকভাৱে গৰম হয় যদিও এইবেলি জুলাই মাহত লাডাখত তাপমাত্রা অধিক বৃদ্ধি পাইছে৷ পৰিণতিত হিমবাহ গলি আছে, যিয়ে অঞ্চলটোৰ মূল জলসম্পদৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ যি হাৰত বৰফ গলি আছে, এনেদৰে গলি থাকিলে অঞ্চলটোৰ পানী যোগান ব্যৱস্থা অতি ভাবুকিৰ সন্মুখীন হ’ব৷ লাডাখৰ সঞ্চালকগৰাকীয়ে কয়– লাডাখ হৈছে শীতল ঠাই৷ কিন্তু ইয়াৰ অর্থ এয়ে নহয় যে ই সদায় শীতল হৈয়ে থাকিব৷ ডিচেম্বৰ–জানুৱাৰী মাহত তাপমাত্রা –২০ অথবা –২৫ ডিগ্রী ছেলছিয়াচলৈ তাপমাত্রা অৱনমিত হয় লেহত৷ প্রতি বছৰে গ্রীষ্মকালীন সময়ত তাপমাত্রা বাঢ়ে যদিও লাডাখৰ তাপমাত্রাই পূর্বৰ তাপমাত্রাক চেৰাইছে৷ লেহতকৈ কার্গিলত ২–৩ ডিগ্রী তাপমাত্রা বৃদ্ধি হৈছে৷ লেহত সর্বাধিক ৩৩.৫ ডিগ্রী ছেলছিয়াচ হোৱাৰ বিপৰীতে যোৱা ২৮ জুলাইত কার্গিলত ৩৭.৫ ডিগ্রী ছেলছিয়াচ তাপমাত্রা হৈছে৷ জুলাইৰ পৰা আগষ্টৰ মধ্যভাগলৈ প্রায় ৪৫ দিন অঞ্চলটোত তাপমাত্রা বৃদ্ধি পায়৷ কিন্তু যি হাৰত তাপমাত্রা বৃদ্ধি হৈছে, সেয়া অঞ্চলটোৰ বাবে অতি ভয়ানক হ’ব পাৰে৷ হিমবাহ হৈছে লাডাখৰ বাবে প্রাকৃতিক সম্পদ আৰু ই বহু মূল্যৱান৷ ইয়াৰ পৰাই অঞ্চলবাসীয়ে পানী লাভ কৰে৷ কিন্তু যদি লাডাখৰ তাপমাত্রা ৩০ ডিগ্রীৰ পৰা ৪০ ডিগ্রীলৈ বৃদ্ধি পায়, তেতিয়াহ’লে বৰফ দ্রুতগতিত গলি যাব আৰু পানী যোগান ব্যৱস্থাত ব্যাঘাত জন্মিব৷ পৰৱর্তী কিছুদিনত বৰষুণৰ বাবে বানৰ সম্ভাৱনাও আছে বুলি সঞ্চালকগৰাকীয়ে প্রকাশ কৰি পর্যটকসকলক এই সময়ছোৱাত ভ্রমণৰ ক্ষেত্রত সজাগ হ’বলৈ পৰামর্শ আগবঢ়াইছে৷