নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেষ্ঠ ফুটবল খেলুৱৈক ভেড়াৰ পোৱালি উপহাৰ

🔹 নৰৱেৰ এলিটছেৰিয়েন ফুটবল লীগত অকল্পনীয় পৰম্পৰা

নিউজ ডেস্ক, ২৯ এপ্রিল : ফুটবল খেলত শ্রেষ্ঠ খেলুৱৈক পুৰস্কাৰ হিচাপে দিয়া হ’ল ভেড়াৰ পোৱালি! নৰৱেত চলি আছে এনে পৰম্পৰা৷ কোনো মেচত খেলুৱৈয়ে শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিলে তেওঁক নগদ ধন, ট্রফী বা গাড়ী দিয়াৰ পৰম্পৰা আছে৷ কিন্তু নৰৱেৰ এটা ক্লাবত এইক্ষেত্রত দেখিবলৈ পোৱা গৈছে ভিন্ন ঘটনা৷ লক্ষণীয়ভাৱে অকল ভেড়াৰ পোৱালিয়েই নহয়, নৰৱেৰ ফুটবল ক্লাব ব্রাইন এফকেত আছে অন্য বিভিন্ন সামগ্রী শ্রেষ্ঠ খেলুৱৈক প্রদান কৰাৰ পৰম্পৰা৷ যোৱা মাহত ক্লাবটোৰ তৰফৰ পৰা এগৰাকী শ্রেষ্ঠ খেলুৱৈক দিয়া হৈছিল ৪ প্লেট কণী৷ এপ্রিলৰ আৰম্ভণিতে এটা ফুটবল দলক দিয়া হৈছিল কেইকার্টনমান গাখীৰ৷ এইবাৰ এটা বগা ভেড়াৰ পোৱালি শ্রেষ্ঠ খেলুৱৈজনক উপহাৰ হিচাপে হাতত তুলি দিয়া হয়৷ এই উপহাৰ লাভ কৰাৰ পাছতে খেলুৱৈ এক্সেন ক্রাইগাৰে উল্লাস প্রদর্শন কৰিছে৷ ২৭ বছৰ বয়সীয়া এই তৰুণ ফুটবলাৰে ভেড়াৰ পোৱালিটো পুৰস্কাৰ হিচাপে লাভ কৰি অত্যন্ত সুখী বুলি সংবাদ মাধ্যমক জনাইছে৷ এক্সেন এজন ডিফেঞ্চিভ মিডফিল্ডাৰ৷ নৰৱেৰ শীর্ষ লীগ এলিটছেৰিয়েনৰ মেচ চলি আছিল৷ এই মেচত হেগছুণ্ডক ৩–১ গ’লত পৰাভূত কৰে ব্রাইনে৷ আৰম্ভণিতে পেনাল্টী শ্বুটআউট সফল কৰি ব্রাইনক আগবঢ়াই দিয়ে ক্রাইগাৰে৷ সমগ্র মেচখনত দুর্দান্ত ফুটবল খেল প্রদর্শন কৰে ক্রাইগাৰে৷ উপস্থিত দর্শকসকলে ক্রাইগাৰক এই প্রদর্শনৰ বাবে ভূয়সী প্রশংসা কৰে৷ স্বাভাৱিকভাৱে দর্শকক অভিভূত কৰিব পৰা খেল প্রদর্শন কৰি শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ক্রাইগাৰে৷ কিন্তু শ্রেষ্ঠ খেলুৱৈ হিচাপে যেতিয়া ক্লাবৰ কর্মকর্তাসকলে ক্রাইগাৰৰ হাতত ভেড়াৰ পোৱালি এটা উপহাৰ হিচাপে তুলি দিয়ে, তেতিয়াই সমগ্র ষ্টেডিয়ামত আৰম্ভ হয় হর্ষোল্লাস৷ ইতিমধ্যে এই ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে ক্রাইগাৰে৷ ইয়াৰ পাছতে ভাইৰেল হৈ পৰে এই ছবি৷ ক্লাবটোৰ তৰফৰ পৰা এই আজব পুৰস্কাৰ দিয়াৰ মূল কাৰণ হৈছে খেলুৱৈগৰাকীয়ে সমগ্র জীৱন প্রাপ্তিৰ মুর্হূতক স্মৰণীয় কৰি ৰাখিব৷ ফুটবলাৰ ক্রাইগাৰে ভেড়াৰ পোৱালিটো কি কৰিব বুলি ছ’চিয়েল মিডিয়াত বিভিন্নজনে প্রশ্ণ কৰিছে৷ ইয়াৰ উত্তৰত খেলুৱৈগৰাকীয়ে কৈছে যে সমগ্র জীৱন এই ঘটনাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁ এজন কৃষকক ভেড়াৰ পোৱালিটো পালন কৰিবলৈ দিব৷ সঘনে এই ভেড়াৰ পোৱালিটোৰ খবৰ ৰাখিব বুলিও ক্রাইগাৰে মন্তব্য কৰিছে৷

You might also like