নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মার্চত মহাজাগতিক পৰিঘটনাঃ পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব বৃহৎ গ্রহাণু

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ পৃথিৱীৰ কাষেৰে অহা ২১ মার্চত পাৰ হৈ যাব এক বৃহৎ গ্রহাণু৷ ২০০১ এফ–০৩ নামৰ এই গ্রহাণু পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যোৱাৰ তথ্য সদৰী কৰিছে নাছাই৷ এই বৃহৎ গ্রহাণুটো এটা কঠিন শিল৷ ইতিমধ্যে ইয়াক পৃথিৱীৰ ওচৰৰ গ্রহাণু হিচাপে অর্থাৎ এন ই অ’ হিচাপে চিহ্ণিত কৰা হৈছে৷

নাছাই সদৰী কৰা অনুসৰি এতিয়ালৈ ২৫ হাজাৰ এন ই অ’ চিনাক্ত কৰা হৈছে৷ ইয়াৰে প্রায় ২১শ এন ই অ’ ক্ষতিকাৰক বুলিও নাছাই সদৰী কৰিছে৷ মহাকাশ গৱেষণা সংস্থাটোৰ তথ্য অনুসৰি এই এন ই অ’সমূহৰ আছে নিজা কক্ষপথ আৰু এই কক্ষপথ পৃথিৱীৰ ওচৰ চাপি আহিব পাৰে৷ বিভিন্ন গ্রহৰ মাধ্যাকর্ষণ শক্তিৰ বাবে সময়ে সময়ে গ্রহাণুসমূহৰ পথ সলনি কৰি আহিছে৷

You might also like