লস্কৰ নেতা লাখভিক ১৫ বছৰ কাৰাদণ্ড
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড তথা লস্কৰ–ই–তৈবা (এলইটি)ৰ কমাণ্ডাৰ জাকি–উৰ–ৰেহমান লাখভিক পাকিস্তানৰ আদালতে সন্ত্রাসবাদক পুঁজি যোগান ধৰাৰ গোচৰত দোষী সাব্যস্ত কৰি ১৫ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ সন্ত্রাসবাদলৈ পুঁজি যোগান ধৰাৰ অভিযোগত কেইদিনমান পূর্বে লাখভিক গ্রেপ্তাৰ কৰিছে পাক কর্তৃপক্ষই৷ স্মর্তব্য যে মুম্বাইত ২০০৮ চনৰ নৱেম্বৰ মাহত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ ঘটনাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল লাখভিয়ে৷ এই আক্রমণৰ ঘটনাত প্রাণ হেৰুৱাইছিল ১৬৬গৰাকী লোকে৷
লাহোৰৰ সন্ত্রাস প্রতিৰোধী আদালতে (এটিচি) লাখভিক দেশখনত সন্ত্রাসবাদত ধন যোগান ধৰা গোচৰত দোষী সাব্যস্ত কৰিছে৷ ১৯৯৭ চনৰ সন্ত্রাস প্রতিৰোধী আইনৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰা হৈছে লাখভিক৷ সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি ফাইনানচিয়েল এক্সন টাস্ক ফ’চ (এফএটিএফ)ৰ ফেব্রুৱাৰীত হ’বলগীয়া বৈঠকৰ পূর্বে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে পাক প্রশাসন৷