নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাপমাত্রা ১০ ডিগ্ৰী চেলছিয়াছ মৰণপণ যুঁজ লাইকা দধিয়াবাসীৰ

১৯ দিনে পুনৰ সংস্থাপনৰ দাবীত অনাহাৰে তির্পালৰ তলতে উজাগৰী নিশা কটাই ধাৰাবাহিক আন্দোলন

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ তাপমাত্রা মাত্র ১০ ডিগ্রী চেলছিয়াছ৷ সন্ধিয়া নমাৰ লগে লগেই কুঁৱলীৰ প্রকোপত এক মিটাৰ দূৰত্বতো একোকে নেদেখি৷ পুহমহীয়া এই হাড় কঁপোৱা শীতকো আওকাণ কৰি তিনিচুকীয়াৰ লেজাই হোলাৰ মুকলি পথাৰত পলিথিনৰ চালিৰ তলত খেৰত শুই প্রতিবাদ কৰি গৈছে দুহাজাৰ খিলঞ্জীয়াই৷ মৃত্যু, ৰোগ–ব্যাধি, অনাহাৰ–নিদ্রা একোৱে তলাব পৰা নাই তেওঁলোকক৷ ৰুদ্ধ কৰিব পৰা নাই প্রতিবাদ৷ মাত্র এসাঁজ খাই ভোকে–লঘোণে দাবী জনাই আহিছে– নায্য অধিকাৰৰ৷ দুগৰাকী প্রতিবাদীৰ কৰুণ মৃত্যু ঘটিছে৷ এগৰাকী প্রতিবাদী প্রসূতিয়ে মৃত সন্তান জন্ম দি সাবটি লৈছে কৰুণ মৃত্যুক৷ প্রচণ্ড শীতত ৰোগাক্রান্ত হৈছে ইজনৰ পাছত সিজন প্রতিবাদকাৰী৷ তাৰ পাছতো অধিকাৰৰ দাবীত অটল তেওঁলোক৷ এমুঠি খিলঞ্জীয়াৰ এনে প্রতিবাদৰ মর্মান্তিক পৰিস্থিতিয়ে কিন্তু এইপর্যন্ত তলাব পৰা নাই খিলঞ্জীয়াৰ চৰকাৰখনক৷ প্রতিবাদকাৰীৰ মর্মবেদনা উপলব্ধি কৰিবলৈ আহৰি নাই চৰকাৰৰ৷ আনকি প্রতিবাদৰ নামত সৃষ্টি হোৱা এনে মানৱ অধিকাৰ ভংগৰ পৰিস্থিতিৰ ক্ষেত্রত খিলঞ্জীয়া নাগৰিকৰ খবৰ লোৱাৰ প্রয়োজনবোধ কৰা নাই মানৱ অধিকাৰৰ প্রবক্তাসকলেও৷ যেন ছিন্নমূল হোৱাৰ উপক্রম ঘটিছে অসমৰ এমুঠি ভূমিপুত্রৰ৷ লাইকা দধিয়াবাসীৰ প্রতিবাদৰ ক্ষেত্রত মৌন সকলো৷ দল–সংগঠনৰো যেন আহৰি নাই৷

যোৱা ২১ ডিচেম্বৰৰ পৰা লাইকা দধিয়াবাসীয়ে প্রতিবাদ অব্যাহত ৰাখিছে পুনৰ সংস্থাপনৰ দাবীত৷ লখিমপুৰৰ পৰা খহনীয়াত আক্রান্ত হৈ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত বসবাস কৰা লাইকা, দধিয়া, পমুৱা, ৰিগবী, কুলিগাঁও, টেঙাবাৰী, চাৰিসুঁতিৰ প্রায় দুহাজাৰ পৰিয়ালে তেওঁলোকৰ দীর্ঘদিনীয়া পুনৰ সংস্থাপনৰ দাবীত মৰণপণ যুঁজত নামিছে৷ তিনিচুকীয়াৰ লেজাই হোলাৰ মুকলি পথাৰত সাধাৰণ পলিথিনৰ তম্বু তৰি, খেৰত শুই দুহাজাৰ খিলঞ্জীয়াই অব্যাহত ৰাখিছে নিৰৱচ্ছিন্ন প্রতিবাদ৷ প্রতিবাদকাৰীৰ শাৰী শাৰী পলিথিনৰ তম্বুৰ মর্মান্তিক দৃশ্যই এইপর্যন্ত গা ল’ৰাব পৰা নাই ৰজাঘৰৰ৷ আবাল–বৃদ্ধ–বনিতাৰ পৰা কণমানি শিশুলৈকে সকলো এই হাড় কঁপোৱা জাৰত প্রতিবাদৰ নামত যাপন কৰিছে বিনিদ্র ৰজনী৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ এই খিলঞ্জীয়া ভূমিপুত্রসকলৰ প্রতিবাদস্থলীত নিতৌ আৰম্ভ হৈছে ৰোগ–ব্যাধিৰ আক্রমণ৷ প্রতিবাদস্থলীতে অসুস্থ হৈ পৰা ৰেৱতী পাৱ নামৰ মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ যোৱা ৩১ ডিচেম্বৰৰ পৰাই অসুস্থ হৈ থকা কুস্মিতা মৰাং নামৰ প্রসূতি মহিলাগৰাকীয়ে মৃত সন্তান প্রসৱ কৰাৰ পাছত ডিব্রুগড়ৰ অসম মেডিকেল কলেজৰ আইচিইউত জীৱন–মৰণৰে যুঁজ দি আজি সাবটি লৈছে কৰুণ মৃত্যুক৷

ইতিমধ্যে প্রতিবাদস্থলীতেই অসুস্থ হৈ পৰিছে প্রায় ২৫গৰাকী ব্যক্তি৷ ইয়াৰে ইন্দিৰা মিলি নামৰ ৫৫ বছৰীয়া মহিলাগৰাকীক স্থানীয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভর্তি কৰোৱা হৈছে৷ প্রতিবাদস্থলীত আমি লগ পোৱা ৯০ বছৰীয়া প্রতিবাদকাৰী যদুৰাম মৰাঙে ক’লে– মৃত্যুৱে এতিয়া আমাক তলাব নোৱাৰে৷ আমি মৰি গ’লেও আন্দোলন এৰি নাযাওঁ৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন হৈ বান–খহনীয়াৰ লগতে অচিন ৰোগৰ সৈতে যুঁজি মৰি থকাতকৈ একেলগে দুহাজাৰ পৰিয়াল মৰি যোৱাই আমাৰ বাবে শ্রেয় বুলি চকুপানী টুকিলে বৃদ্ধগৰাকীয়ে৷ শিবিৰত লগ পোৱা আন এগৰাকী বৃদ্ধা ৰিণিকা মিলিয়ে চকুপানী টুকি ক’লে– চৰকাৰে আমাক মানুহ বুলি ভবা নাই৷ এনেদৰে ভোকে–লঘোণে ঠাণ্ডাত তিল তিলকৈ মৰিবলৈ দিয়াতকৈ গুলীয়াই মাৰি পেলাওক৷ আমাৰ হাজাৰগৰাকী আন্দোলনকাৰীক মাৰিলেও আন্দোলন চলিয়ে থাকিব৷ ঘৰত গৈ মৰাতকৈ প্রতিবাদস্থলীতে মৃত্যুক সাবটি ল’ম৷ এনে এক অবর্ণনীয়, অসহনীয়, মর্মান্তিক পৰিস্থিতিৰ মাজতে প্রতিবাদ চলি থকাৰ পাছতো প্রশাসনৰ কোনো দায়বদ্ধতা নাই লাইকা দধিয়াবাসীৰ মানৱাধিকাৰৰ প্রতি৷ ৪৫টা তির্পাল চালিৰ তলত চলি থকা প্রতিবাদস্থলীৰ পৰিৱেশ চাক্ষুস দর্শন নহ’লে অনুভৱ কৰা অসম্ভৱ৷ স্থানীয় দুই–এক দল–সংগঠনে প্রতিবাদকাৰীসকলক্ যোগান ধৰা খাদ্যবস্তুৰ এসাঁজ খাই এসাঁজ সাঁচি ৰাখিছে প্রতিবাদকাৰীয়ে৷ সামান্য খাদ্য–সামগ্রীৰ যোগান ধৰাৰ মানৱীয় দায়বদ্ধতাও যেন পাহৰি গৈছে তিনিচুকীয়া জিলা প্রশাসনে৷ অৱশ্যে স্থানীয় সুহূদ ব্যক্তি আৰু দল–সংগঠনে খাদ্যবস্তুৰ লগতে কম্বল যোগান ধৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছে প্রতিবাদকাৰীসকলে৷ এই প্রতিবাদস্থলীত একেলগে দুহাজাৰ প্রতিবাদকাৰী থকাৰ পাছতো বিশুদ্ধ খোৱাপানীৰ যোগানৰ কোনো ব্যৱস্থা নাই৷ নিজে বহুৱাই লোৱা ৫টা দমকলেৰে দুহাজাৰ প্রতিবাদকাৰীয়ে অভাৱ পূৰণ কৰিছে প্রয়োজনীয় পানীটুপিৰ৷ সবাতোকৈ গুৰুত্বপূর্ণ অনাময়ৰ ব্যৱস্থা নাই প্রতিবাদস্থলীত৷ পলিথিনেৰে বেৰ দিয়া চাৰিটা অস্থায়ী শৌচালয় ব্যৱহাৰ কৰি আছে প্রতিবাদকাৰীসকলে৷

ইফালে, এই প্রতিবাদকাৰীসকলৰ্ ৰোগ–ব্যাধিৰ পাছতো স্বাস্থ্য পৰীক্ষাৰ বিশেষ কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ এখন এম্বুলেঞ্চত মাজে–সময়ে যোৱা স্বাস্থ্যকর্মীৰ দল এটাই সামান্য জ্বৰ–কাহৰ ঔষধ দিয়ে সামৰিছে দায়িত্ব৷ প্রতিবাদস্থলীত থকা ডেৰশতাধিক ছাত্র–ছাত্রীৰ ভৱিষ্যৎ এতিয়া অন্ধকাৰ৷ যাৰ বাবে বসতিস্থলেই শূন্য, তাত শিক্ষা লৈ কি হ’ব বুলিহে প্রশ্ণ কৰিছে বিদ্যালয়–মহাবিদ্যাল্ অধ্যয়নৰত প্রতিবাদকাৰী একাংশ শিক্ষার্থীয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকাটাৰ অন্তর্গত লাইকা দধিয়াবাসীৰ এই মর্মন্তুদ পৰিস্থিতি এতিয়া প্রিয় নেতাজনেই বুজি নোপোৱাত ক্ষোভ আৰু বৃদ্ধি পাইছে খিলঞ্জীয়া ভূমিপুত্রসকলৰ৷ মুখ্যমন্ত্রীয়ে গুৱাহাটীত মাত্র এখন কমিটী গঠন কৰিয়ে দায়িত্ব সামৰা বুলি অভিযোগ প্রতিবাদকাৰীসকলৰ্৷ স্থানীয় বিধায়ক বিনোদ হাজৰিকায়ো যোৱা ১৯ দিনৰ এদিনহে প্রতিবাদস্থলীত ভুমুকি মাৰি দায়িত্ব সামৰা বুলি পুনৰ সংস্থাপন দাবী সমিতিয়ে ক্ষোভ উজাৰিছে৷ লাইকা দধিয়াবাসীৰ বাবেই এতিয়া এয়াই কৰুণ বাস্তৱ৷ খিলঞ্জীয়া ভূমিপুত্র হৈও এতিয়া স্বদেশৰ মাটিতেই যেন তেওঁলোক উপেক্ষিত ছিন্নমূল এমুঠি মানুহ৷

You might also like