নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি চীনৰ বক্সাৰ লি কিয়ানৰে সন্মুখ সমৰত অসম-কন্যা লাভলীনা

🔹 ছেমি ফাইনেলত শ্বাটলাৰ লক্ষ্যৰ সন্মুখত স্বর্ণ বিজয়ী এক্সেলছেন

নিউজ ডেস্ক, ৪ আগষ্ট : অসম-কন্যা লাভলীনা বৰগোহাঁয়ে অলিম্পিক গেমছত দ্বিতীয়টো পদক জয়ৰ আশা সজীৱ কৰি তুলিছে৷ বিগত টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয় কৰাৰ পাছত এইবাৰ পেৰিছত পদক বিজয়ৰ অন্যতম দাবীদাৰ ৰূপে অৱতীর্ণ হৈছে লাভলীনা৷ খেলুৱৈগৰাকীৰ ধাৰাবাহিক প্রদর্শনে দেশৰ ক্রীড়ানুৰাগীৰ মাজত প্রত্যাশা বৃদ্ধি কৰিছে৷ চলিত পেৰিছ অলিম্পিকৰ প্রথমখন মেচতে দুর্দান্ত প্রদর্শন কৰি লাভলীনাই ইতিমধ্যে কোৱার্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ নৰৱে’ৰ তাৰকা বক্সাৰ ছান্নিভা হফষ্টেডক একপক্ষীয় যুঁজত ৫–০ৰ ব্যৱধানত পৰাজিত কৰা ভাৰতীয় তাৰকাগৰাকীয়ে আজি কোৱার্টাৰ ফাইনেলত অৱতীর্ণ হ’ব৷ আজি বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব লগা মেচখনত তেওঁ চীনৰ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লি কিয়ানৰ মুখামুখি হ’ব৷ এইখন মেচত জয়লাভ কৰিব পাৰিলেই লাভলীনাই ছেমিফাইনেলত পদার্পণ কৰাৰ লগতে ব্রঞ্জৰ পদক নিশ্চিত হ’ব৷ টকিঅ’ত ৬৯ কেজি শাখাত অৱতীর্ণ হোৱা লাভলীনা বৰগোহাঁয়ে এইবাৰ ৭৫ কেজি শাখাত অংশগ্রহণ কৰিছে৷ অৱশ্যে এই নতুন ওজন শাখাত তেওঁ ইতিমধ্যে চীনত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক জয় কৰাৰ লগতে বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰিছে৷ আজি মেচখন অত্যন্ত প্রতিদ্বন্দ্বিতাপূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো আজি লাভলীনাৰ প্রতিপক্ষ লি কিয়ান চীনৰ শীর্ষ বাছনিৰ বক্সাৰ৷ তদুপৰি তেওঁ টকিঅ’ অলিম্পিকত মিডল ৱেইট শাখাত ৰূপৰ পদক অর্জন কৰিছিল৷ আনহাতে, এছিয়ান গেমছৰ ফাইনেলত কিয়ানৰ হাতত পৰাজিত হৈছিল লাভলীনা৷ অৱশ্যে ইয়াৰ পাছতে দিল্লীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত কিয়ানক হৰুৱাই খিতাপ জয় কৰিছিল লাভলীনাই৷ আজি মেচখনতো ইয়াৰ পুনৰাবৃত্তি ঘটাই অসমৰ বজ্র কন্যাই একেৰাহে দ্বিতীয়খন অলিম্পিকত পদক জয় কৰি ইতিহাস সৃষ্টি কৰিব বুলি আশা কৰিছে অসমৰ লগতে সমগ্র দেশবাসীয়ে৷ ইপিনে, অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্যৰে আজি ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে ডেনমার্কৰ ভিক্টছ এক্সেলছেনৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ অলিম্পিকত পুৰুষৰ বেডমিণ্টনত তেওঁ প্রথম ভাৰতীয় হিচাপে ছেমিফাইনেলত প্রৱেশ কৰিছে৷ অৱশ্যে লক্ষ্যৰ পথো বৰ মসৃণ নহয়৷ কাৰণ প্রতিপক্ষ এক্সেলছেনে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক আৰু বিগত টকিঅ’ অলিম্পিকত জয় কৰিছিল স্বর্ণ পদক৷ এটা সময়ত দুয়োগৰাকী শ্বাটলাৰে একেলগে অনুশীলনো কৰিছিল৷ থমাছ কাপৰ দলৰ পৰা বাদ পৰাৰ পাছত ডুবাইলৈ গৈ এক্সেলছেনৰ সৈতে অনুশীলন কৰিছিল লক্ষ্যই৷ ভাৰতীয় শ্বাটলাৰগৰাকীৰ প্রশিক্ষক বিমল কুমাৰে কয় যে এক্সেলছেনৰ সৈতে অনুশীলন কৰি লক্ষ্যই যথেষ্টখিনি শিকিছে৷ পেৰিছ অলিম্পিকত পুনৰ স্বর্ণ জয়ৰ লক্ষ্যৰে অৱতীর্ণ হৈছে ডেনমার্কৰ খেলুৱৈগৰাকী৷ এই পর্যন্ত ৮বাৰ পৰস্পৰৰ মুখামুখি হৈছে খেলুৱৈ দুগৰাকী৷ ইয়াৰ ভিতৰত ৭বাৰেই পৰাজিত হৈছে লক্ষ্য৷ এক্সেলছেন পৰাজিত হৈছে ২০২২ চনত৷ প্রথমখন ছেমিফাইনেলৰ পিছত লক্ষ্য আৰু এক্সেলছেন অৱতীর্ণ হ’ব৷ মেচখন কঠিন হ’ব বুলি নিজেও স্বীকাৰ কৰিছে ভাৰতীয় তাৰকাগৰাকীয়ে৷

You might also like