কিংবদন্তি বক্সাৰ জর্জ ফ’ৰমেন প্রয়াত
🔹 মহম্মদ আলীৰে যুঁজৰ কথা এতিয়াও অনুৰাগীৰ মুখে মুখে
নিউজ ডেস্ক, ২৩ মার্চ : কিংবদন্তি বক্সাৰ জর্জ ফ’ৰমেনৰ দেহাৱসান ঘটিছে৷ ৭৬ বছৰ বয়সত নিজৰ বাসগৃহতে তেওঁৰ মৃত্যু হয়৷ ১৯৭৪ চনৰ ‘ৰাম্বল ইন দ্য জংগল’ত মহম্মদ আলীৰ সৈতে তেওঁৰ যুঁজৰ কথা এতিয়াও অনুৰাগীৰ মুখে মুখে৷ তেওঁৰ পৰিয়ালে ইনষ্টাগ্রামত এই খবৰ নিশ্চিত কৰিছে৷ উল্লেখ্য যে বর্ণিল কেৰিয়াৰত ৮১খন মেচ খেলি ৭৬খনতে জয়লাভ কৰিছিল ফ’ৰমেনে৷ এইগৰাকী বিশ্ব চেম্পিয়ন ১৯৬৮ চনৰ মেক্সিকো চিটী অলিম্পিকত প্রচাৰৰ শিৰোনামলৈ আহিছিল৷ মাত্র ১৯ বছৰ বয়সতে হেভী ৱেটতত স্বর্ণ পদক জয় কৰিছিল তেওঁ৷ পেছাদাৰী বক্সিঙত নমাৰ পিছত ফ’ৰমেনে একেৰাহে ৩৭খন মেচত জয়লাভ কৰিছিল৷ ১৯৭৪ চনত ৰাম্বল ইন দ্য জংগলত মহম্মদ আলীৰ হাতত পৰাজিত হৈছিল তেওঁ৷