নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰৰ মূৰত ভাৰতলৈ লিঅ’নেল মেছি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছি ১৪ বছৰৰ পিছত ভাৰতৰ ভূমিত নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে৷ কিংবদন্তি খেলুৱৈজনে শেষবাৰৰ বাবে ২০১১ চনত ভাৰতত মাটিত খেলিছিল৷ এই মেচখন অনুষ্ঠিত হৈছে কলকাতাৰ ছল্টলেকত আর্জেণ্টিনা আৰু ভেনিজুৱেলাৰ মাজত৷ এতিয়া ১৪ বছৰৰ পিছত প্রিন্স অৱ ফুটবলৰ যাদু পুনৰ এবাৰ দেখা যাব ভাৰতৰ মাটিত৷ বিশ্ব চেম্পিয়ন আর্জেণ্টিনা দলে অহা বছৰ কৰিব ভাৰত ভ্রমণ৷ ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে ভাল খবৰ, বিশেষকৈ কেৰালা আৰু পশ্চিমবংগৰ লোকসকলৰ বাবে৷ আর্জেণ্টিনাৰ ফুটবল দলে ২০২৫ চনত কেৰালাত আন্তঃৰাষ্ট্রীয় খেলত অংশগ্রহণ কৰিবলৈ হৈছে সাজু৷ কেৰালাৰ ক্রীড়ামন্ত্রী ভি আব্দুৰহিমানে সদৰী কৰিছে এই কথা৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি, আর্জেণ্টিনাৰ দলটোৰ সৈতে কেৰালালৈ আহিব কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি৷ কেৰালাৰ ক্রীড়ামন্ত্রী ভি আব্দুৰহিমানে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে কিংবদন্তি ফুটবলাৰ লি’নেল মেছিৰ লগতে আর্জেণ্টিনাৰ ফুটবল দলটোৱে অহা বছৰ এখন আন্তঃৰাষ্ট্রীয় বন্ধুত্বপূর্ণ খেলৰ বাবে ৰাজ্যখন ভ্রমণ কৰিব৷ এখন সংবাদ মেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে কয় যে খেলখন ৰাজ্য চৰকাৰৰ সম্পূর্ণ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে দলটো ডেৰ মাহৰ পিছত কেৰালাত উপস্থিত হ’ব আৰু আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিব৷ চৰকাৰে মেচৰ বাবে প্রয়োজনীয় সকলো প্রস্তুতিৰ নেতৃত্ব দিব৷ দলটো গঠিত হোৱাৰ পিছত খেলৰ তাৰিখ নির্ধাৰণৰ লগতে ঘোষণা কৰা হ’ব৷ অৱশ্যে বিপক্ষৰ দলটোৰ নাম পিছতহে ঘোষণা কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে এহটোও স্পষ্ট কৰি দিছিল যে কেৰালাত দুখনকৈ বন্ধুত্বপূর্ণ মেচ আয়োজন কৰা হ’ব৷ আর্জেণ্টিনাৰ ফুটবল দলটোক কেৰালালৈ অনাৰ বাবে প্রায় ১০০ কোটি টকাতকৈও অধিক ধনৰাশিৰ ব্যয় হ’ব৷

You might also like