লকডাউন ঘোষণা কানাডাৰ অট’ৱাত
🔹 মাজনিশা সংসদত প্রৱেশ যুৱকৰ
নিউজ ডেস্ক, ৭ এপ্রিল : কানাডাৰ সংসদ ভৱন সংলগ্ণ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছে৷ সংসদৰ ভিতৰত এজন যুৱকে প্রৱেশ কৰিছিল বুলি অভিযোগ৷ সেই কথা জনাৰ লগে লগে সংসদত অভিযান চলায় আৰক্ষীয়ে৷ অঞ্চলটোৰ বাসিন্দাসকলক সতর্ক কৰি দি লকডাউন জাৰি কৰা হয়৷ গভীৰ নিশা যুৱকজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ ৰাজধানী অট’ৱাৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি এই সন্দর্ভত বিস্তাৰিত তথ্য লাভ কৰিব পৰা হোৱা নাই৷ তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ তথ্য লাভ কৰাৰ পিছত সবিশেষ সংবাদ মাধ্যমক জনোৱা হ’ব বুলিও আৰক্ষীয়ে প্রতিশ্রুতি দিছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অনুমতি অবিহনেই পার্লিয়ামেণ্ট হিল ভৱনৰ ইষ্ট ব্লকত এজন যুৱকে প্রৱেশ কৰিছিল৷ দীর্ঘ সময় ধৰি ভিতৰতেই আছিল যুৱকজন৷ কেনেদৰে নিৰাপত্তা বেষ্টনী অতিক্রম কৰি ভৱনটোত যুৱকজনে প্রৱেশ কৰিবলৈ সক্ষম হ’ল, সেই বিষয়টো তদন্ত কৰি আছে আৰক্ষীয়ে৷ ইফালে, যুৱকজনৰ হাতত অস্ত্র আছিল নে নাই, সেয়াও তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে৷ সংসদ ভৱনৰ দৰে নিৰাপত্তা বেষ্টনীত থকা অঞ্চলত কেনেদৰে কোনো অনুমতি নোহোৱাকৈ মাজনিশা যুৱকে প্রৱেশ কৰিব পাৰে, তাক লৈ স্থানীয় বাসিন্দাসকলৰ মাজতো ব্যাপক চর্চা চলিছে৷ আশ্চর্য প্রকাশ কৰিছে নিৰাপত্তা বাহিনীৰ শীর্ষ বিষয়াসকলে৷ যুৱকজনৰ উদ্দেশ্য কি আছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷