লছ এঞ্জেলছৰ বনজুই : চোৰৰ টাৰ্গেট মহান টেনিছ খেলুৱৈ পেম শ্রীভাৰ
নিউজ ডেস্ক, ১৯ জানুৱাৰী : লছ এঞ্জেলছৰ ভয়াৱহ অগ্ণিকাণ্ডত বহু লোকৰ মৃত্যু হৈছে৷ বহুতে হেৰুৱাইছে ঘৰ–দুৱাৰ আৰু গাড়ী ৷ প্রাক্তন টেনিছ খেলুৱৈ পেম শ্রীভাৰে হেৰুৱাইছে বহু মূল্যৱান বস্তু৷ ২১টা গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা শ্রীভাৰৰ লছ এঞ্জেলছৰ ঘৰৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ ট্রফী আৰু পদকৰ লগতে গাড়ীখনো চুৰি হয়৷ বহু লোকৰ দৰে শ্রীভাৰেও বন্য অগ্ণিকাণ্ডৰ বাবে লছ এঞ্জেলছৰ ঘৰটো বন্ধ কৰিবলৈ বাধ্য হৈছিল৷ আমেৰিকাৰ চহৰখনৰ বৃহৎ অংশ ধ্বংসাৱশেষত পৰিণত হৈছে৷ অসংখ্য ঘৰ জ্বলি ছাই হৈ গৈছে৷ এই পৰিস্থিতিয়ে পুনৰবাৰ অপৰাধীৰ বাবে এক সোণালী সুযোগ প্রদান কৰিছে৷ প্রায় মুক্তভাৱে খালী ঘৰত লুটপাত চলাই আছে৷ এনে ঘটনাৰ বলি হৈছে প্রাক্তন টেনিছ খেলুৱৈ শ্রীভাৰ৷ শ্রীভাৰে কয় যে মই কিছুমান বস্তুৰ বাবে ঘৰলৈ উভতি আহিছিলোঁ৷ ঘৰটোত থকা গাড়ীখনত আছিল ৫টা ইউএছ অ’পেন ট্রফী, পাঁচখন ফ্রেন্স অ’পেন প্লেট, পাঁচটা উইম্বলডন ট্ৰফী, এটা অষ্ট্রেলিয়ান অ’পেন ট্ৰফী আৰু টেনিছ হল অৱ ফেম ট্রফী৷ তদুপৰি কোনোবাই গাড়ীখনো চুৰি কৰে৷ মুঠ ১৭টা গুৰুত্বপূর্ণ ট্ৰফী হেৰুৱাই অত্যন্ত হতাশ হৈ পৰিছে শ্রীভাৰ৷ লছ এঞ্জেলছৰ পৰিস্থিতিয়েও তেওঁক স্তম্ভিত কৰি তুলিছে৷ ৬২ বছৰীয়া প্রাক্তন খেলুৱৈগৰাকীয়ে কয় যে বহু লোকে জীৱনৰ আটাহতকৈ কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে৷ বহুতে বহুত কষ্ট পাইছে৷ সকলো দেখি বৰ কষ্ট লাগে৷’ ১৯৭৯ চনৰ পৰা ১৯৯৭ চনলৈকে শ্রীভাৰে পেছাদাৰী টেনিছ খেলিছিল৷ তেওঁক সর্বকালৰ অন্যতম শ্রেষ্ঠ ডাবলছ খেলুৱৈ হিচাপে গণ্য কৰা হয়৷ ২১টা গ্রেণ্ডশ্লাম জয় কৰাৰ উপৰি ১৯৮৮ চনত তেওঁ অলিম্পিকৰ স্বর্ণ জয় কৰে৷ তেওঁ ১০ বাৰ ট্যুৰ ফাইনেলত জয়লাভ কৰিছে৷ দুবাৰৰ ফেড কাপ বিজয়ী আমেৰিকান দলৰ সদস্য আছিল তেওঁ৷ ১৯৮৪ চনত তেওঁ চাৰিওখন গ্রেণ্ডশ্লামৰ ডাবলছত চেম্পিয়ন হয়৷ বিশ্বৰ এক নম্বৰ মহিলা ডাবলছৰ প্রাক্তন খেলুৱৈগৰাকীয়ে ২০০২ চনত টেনিছ হল অৱ ফেমত অন্তর্ভুক্ত কৰে৷ তেওঁ কেতিয়াও ছিংগলছত গ্রেণ্ডশ্লাম জয় কৰা নাছিল৷ ১৯৭৮ চনত তেওঁ ইউএছ অ’পেনৰ ফাইনেলত প্রৱেশ কৰে৷ ছিংগলছত সেইটোৱেহ আছিল তেওঁৰ সর্বোত্তম ফলাফল৷