নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াত কন্যাক বুকুত লৈ চেলিব্রেচন লুই এনৰিকৰ

🔹 উভতি আহিল কর্কট ৰোগত মৃত্যু হোৱা কন্যাৰ স্মৃতি

নিউজ ডেস্ক, ২ জুন : ৯০ মিনিটৰ মৰণপণ যুঁজ৷ জিকিলেই ইতিহাস আৰু পৰাজিত হ’লে হতাশা৷ কিন্তু ফুটবলতো থাকে উপ–কাহিনী৷ উভতি যাবলগীয়া হয় ছবছৰ আগৰ এটা দিনলৈ৷ হাড়ৰ কর্কট ৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল ৯ বছৰীয়া এটি মৰমলগা কণমানিৰ৷ তেওঁৰ নাম আছিল জানা (Xana)৷ শনিবাৰে পিএছজিয়ে চেম্পিয়নছ লীগ জয় কৰাৰ পিছতে মিউনিখলৈ উভতি আহিল তাইৰ স্মৃতি৷ পেৰিছৰ ট্রফী জয়ৰ অনুষ্ঠানত এগৰাকী ব্যক্তিৰ ক’লা ছার্টত জানাৰ ছবি৷ এই ব্যক্তিগৰাকী পিএছজিৰ প্রশিক্ষক লুই এনৰিক৷ তেওঁৰ আন এটা পৰিচয় হৈছে তেওঁ জানাৰ পিতৃ৷ সেয়া আছিল ২০১৫ চনৰ কথা৷ সেইবাৰ বার্চিলোনাক ত্রি–মুকুট উপহাৰ দিছিল এনৰিকে৷ চেম্পিয়নছ লীগৰ ফাইনেলত সেইবাৰ জুভেণ্টাছক হৰুওৱাৰ পিছত কণমানি জানা নামি আহিছিল খেলপথাৰলৈ৷ তাইৰ হাতত আছিল বার্চিলোনাৰ পতাকা৷ তাইৰ ওচৰলৈ হাঁহিমুখেৰে দৌৰি আহিছিল এনৰিক৷ কন্যাৰ সৈতে হাত মিলাই খেলপথাৰত পুতি দিছিল সেই পতাকাখন৷ ইয়াৰ ৪ বছৰ পিছত দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈ মৃত্যু হয় জানাৰ৷ কিন্তু আজিও প্রতিদিনে, প্রতি মুহূর্তত কন্য়াক ওচৰত অনুভৱ কৰে এনৰিকে৷ মাকক কৈছিল- কোনোদিনে যেন জানাৰ অভাৱত নাকান্দে৷ ১০ বছৰ পিছত চেম্পিয়নছ লীগ জয় কৰিও তেওঁ নাকান্দিলে৷ কেৱল ক’লে – ‘তাই সকলো সময়তে মোৰ হূদয়ত থাকে৷ হূদয়ত ৰাখিছে পিএছজিৰ সমর্থকসকলেও৷’ ষ্টেডিয়ামজুৰি উৰি থাকিল জানাৰ বাবে টিফো৷ তাত ৮ নম্বৰ জার্ছী পৰিধান কৰি থিয় হৈ আছে জানা৷ আৰু পিএছজিৰ পতাকা পুতি দিছে এনৰিকে৷ ট্রফী জয়ৰ চেলিব্রেচনত ক’লা ছার্ট পিন্ধি আহিছিল এনৰিকে৷ তাতো আছিল পিতৃ আৰু কন্যাৰ অৱয়ব৷ দুয়োজনে একেলগে পেৰিছৰ নীলা–বগা–ৰঙা পতাকা পুতিছে৷

You might also like