নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তৰীক্ষত ভাৰতৰ নতুন ইতিহাস ৰচনা

🔹 ২০৩৫ চনৰ ভিতৰত নিজাববীয়া মহাকাশ ষ্টেচন স্থাপনৰ লক্ষ্যত ইছৰোৰ মাইলষ্ট’ন

নিউজ ডেস্ক, ১৭ জানুৱাৰী : অন্তৰীক্ষত নতুন ইতিহাস ৰচনাৰে আন এক বৃহৎ সাফল্য অর্জন ভাৰতৰ৷ পৃথিৱীৰ কক্ষপথত দুই উপগ্রহ স্পেডেক্স–১ (ছেজাৰ) আৰু স্পেডেক্স–২ (টার্গেট)ৰ ‘স্পেচ ড’কিং’ সফলতাৰে সম্পন্ন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে৷ ইয়াৰ লগে লগে এক দশকৰো অধিক কাল ধৰি নিৰন্তৰ গৱেষণাৰে ২০৩৫ চনৰ ভিতৰত নিজাববীয়া মহাকাশ ষ্টেচন স্থাপনৰ লক্ষ্যত ইছৰোৱে এক মাইলষ্ট’ন গঢ়িবলৈ সক্ষম হ’ল৷ আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত সমগ্র বিশ্বৰ ভিতৰতে স্পেচ ড’কিঙত সফল হোৱা চতুর্থখন দেশ ৰূপে পৰিগণিত হৈছে ভাৰত৷ উল্লেখ্য যে মহাকাশ ষ্টেচন স্থাপনৰ বাবে অতি অত্যাৱশ্যকীয় প্রযুক্তি হ’ল– ড’কিং আৰু আনড’কিং৷ মহাকাশত তীব্রগতিত ঘূর্ণীয়মান দুটা কৃত্রিম উপগ্রহক একত্রিত বা ‘কৰমর্দন’ কৰোৱাটোকেই বিজ্ঞানৰ পৰিভাষাত কোৱা হয় ড’কিং৷ সেইদৰে কৃত্রিম উপগ্রহ দুটাক পৃথিকীকৰণৰ প্রক্রিয়াটো হৈছে আনড’কিং৷ অতি জটিল আৰু প্রত্যাহ্বানমূলক এই প্রক্রিয়া৷ কিন্তু ইছৰোৰ বিজ্ঞানীসকলে ইয়াক নেওচি মহাকাশৰ বুকুত ৰচিলে সফলতাৰ বুৰঞ্জী৷ যোৱা ৩০ ডিচেম্বৰৰ নিশা ছেজাৰ আৰু টার্গেট নামৰ কৃত্রিম উপগ্রহ দুটাক পিঠিত বান্ধি মহাশূন্যলৈ উৰা মাৰিছিল পিএছএলভি চি–৬০ ৰকেটটো৷ অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাস্থিত সতীশ ধাৱান স্পেচ চেণ্টাৰৰ লঞ্চিং পেডৰ পৰা পিএছএলভি চি–৬০ৰ সফল উৎক্ষেপণ কৰোৱা হৈছিল৷ উৎক্ষেপণৰ কিছু ঘণ্টাৰ ভিতৰতে ছেজাৰ আৰু টার্গেট সফলভাৱে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়৷ এই সমগ্র পৰীক্ষা প্রক্রিয়াটোৰ নাম ইছৰোৱে ৰাখিছে ‘স্পেচ ড’কিং এক্সপেৰিমেণ্ট মিছন’ (স্পেডেক্স)৷ পৃথিৱীৰ কক্ষপথত এখন যাত্রীবাহী বিমানতকৈ ৩৬ গুণ অধিক গতিত ঘূর্ণীয়মাণ দুটা কৃত্রিম উপগ্রহক একত্রিত কৰি এখন মহাকাশযান কৰাটো যেনেদৰে কঠিন, তেনেদৰে প্রত্যাহ্বানমূলকো৷ বিশ্বত কেৱল আমেৰিকাৰ নাছা, ৰাছিয়াৰ ৰ’ছক’ছম’ছ আৰু চীনৰ চিএনএছএৰ হাততহে ইয়াৰ প্রযুক্তি আছিল৷ নাছাই স্পেচ ড’কিঙৰ বাবে ব্যৱহাৰ কৰা প্রযুক্তিটোৰ নাম হ’ল– ‘ইণ্টাৰনেচনেল ড’কিং ছিষ্টেম ষ্টেণ্ডার্ড’ (আইডিএছএছ)৷ কিন্তু ইছৰোৱে সম্পূর্ণ নিজাববীয়াকৈ প্রস্তুত কৰা প্রযুক্তি ইণ্ডিয়ান ড’কিং ছিষ্টেম এইক্ষেত্রত ব্যৱহাৰ কৰিছে৷ যাৰ জৰিয়তে পৃথিৱীৰ কক্ষপথত ঘূর্ণীয়মান অৱস্থাতে ২২০ কিলোগ্রামকৈ ওজনৰ ছেজাৰ আৰু টার্গেটক ড’কিং অর্থাৎ একত্রিত কৰা হ’ল৷ আগন্তুক কিছুদিনৰ ভিতৰত ইয়াৰ আনড’কিং অর্থাৎ পৃথকীকৰণ প্রক্রিয়াও সম্পন্ন কৰা হ’ব বুলি ইছৰোৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ এই কৃত্রিম উপগ্রহ দুটা একত্রীকৰণৰ ফলশ্রুতিতেই মহাশূন্যত নির্মাণ সম্ভৱ হৈ উঠিব মহাকাশ ষ্টেচন৷ অৱশ্যে ইয়াৰ বাবে প্রয়োজনীয় অংশসমূহ পর্যায়ক্রমে এটা এটাকৈ মহাশূন্যলৈ নিব লাগিব৷ ইয়াৰ পাছত ভাসমান অৱস্থাতে সেইবোৰ জোৰা লগাই আত্মপ্রকাশ কৰোৱা হয় এটা সুস্থিৰ মহাকাশ ষ্টেচন ৰূপে৷ ইতিমধ্যে ইছৰোৱে ভাৰতৰ প্রস্তাৱিত মহাকাশ ষ্টেচনটোৰ নামকৰণো কৰিছে৷ সেয়া হ’ল ইণ্ডিয়ান স্পেচ ষ্টেচন৷ কালি সামাজিক মাধ্যমযোগে ইছৰোৰ তৰফৰ পৰা স্পেচ ড’কিঙৰ সাফল্যৰ বিষয়ে সদৰী কৰা হয়৷ দেশবাসীক ইছৰোৱে খবৰটো দিয়ে এনেদৰে– স্পেচ ড’কিং প্রক্রিয়া সফল হৈছে৷ এয়া এটা ঐতিহাসিক মুহূর্ত৷ প্রথমে আমি ১৫ মিটাৰ আৰু তিনি মিটাৰ পর্যন্ত পৰীক্ষামূলকভাৱে প্রচেষ্টা কৰিছিলোঁ৷ তাৰ পাছত কৃত্রিম উপগ্রহ দুটাৰ পৰস্পৰক স্পর্শৰ প্রক্রিয়াটো নির্ভুলভাৱে সম্পন্ন কৰা হৈছে৷ প্রত্যাহাৰো সম্পূর্ণ৷ বিশ্বৰ চতুর্থ দেশ হিচাপে ভাৰতে স্পেচ ড’কিঙত সফলতা অর্জন কৰিলে৷ সমগ্র টীমটোক অভিনন্দন৷ ইছৰোৱে প্রকাশ কৰা মতে, স্পেচ ড’কিং প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত দুয়োটা কৃত্রিম উপগ্রহই নিয়ন্ত্রণত আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই সফলতাৰ বাবে ইছৰোক অভিনন্দন জনায়৷ তেওঁ কয়– ইছৰোৰ বিজ্ঞানীসকলক মই অভিনন্দন জনাইছোঁ৷ কৃত্রিম উপগ্রহৰ স্পেচ ড’কিং সফল হৈছে৷ আগন্তুক দিনত মহাকাশ বিজ্ঞানত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত এয়া অতি গুৰুত্বপূর্ণ মাইল ফলক৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সামাজিক মাধ্যমযোগে ইছৰোৰ এনে সফলতাত আনন্দ প্রকাশ কৰিছে৷ তেওঁ কয় যে উপগ্রহৰ স্পেচ ড’কিঙৰ সফল প্রদর্শন ভাৰতৰ মহাকাশ যাত্রাৰ বাবে এক অন্যতম মাইলৰ খুঁটি৷ আমি এতিয়া এই অনন্য ক্ষমতা লাভ কৰা চতুর্থখন দেশ হিচাপে প্রতিষ্ঠিত৷ যিয়ে মানুহক মহাকাশলৈ পঠোৱাকে ধৰি মহাকাশ অন্বেষণৰ পুংখানুপুংখ অধ্যয়নত সহায় কৰিব৷ বৈজ্ঞানিক আকাংক্ষাৰ নতুন মাপকাঠী স্থাপন কৰাৰ বাবে টীম ইছৰোলৈ বহুত বহুত অভিনন্দন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন বাস্তৱায়িত কৰাৰ পম খেদি ভাৰতৰ এই অনন্য সফলতাই আমাক বহুদূৰ আগুৱাই লৈ গ’ল৷ মন কৰিবলগীয়া যে ইছৰোই ইতিমধ্যে চন্দ্রলৈ নভোচৰ প্রেৰণৰ পৰিকল্পনা চূড়ান্ত কৰি তুলিছে৷ ‘চন্দ্রযান–৪’ মিছনত ব্যাপকভাৱে ব্যৱহূত হ’ব এই ড’কিং প্রযুক্তি৷ সেইদৰে ‘গগনযান’ মিছনৰ মহাকাশচাৰীসকলেও এই প্রযুক্তিৰ মাধ্যমেৰে মহাশূন্যৰ বুকুত গৱেষণাত ব্রতী হ’ব৷ স্পেচ ড’কিং প্রক্রিয়াৰ সফলতাৰ লগে লগে ইছৰো এতিয়া দুগুণ গতিৰে ধাৱমান হৈছে ২০৩৫ চনৰ ভিতৰত ইণ্ডিয়ান স্পেচ ষ্টেচন স্থাপনৰ স্বপ্ণ পূৰণৰ দৌৰত৷

You might also like