নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ সৈতে কাজিয়া কৰি ৪৫০ কিলোমিটাৰ খোজ কাঢ়িলে এজন খঙাল স্বামীয়ে

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে লকডাউন। যাৰ বাবে বেছিভাগ লোক এতিয়াও ঘৰত বন্দী হৈ আছে। ইয়াৰ ফলত বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাতৰ ঘটনাও। বহু ঠাইত বিবাহ বিচ্ছেদৰ দৰে ঘটনাও ঘটিছে। কিন্তু পত্নীৰ সৈতে কাজিয়া লগাৰ বাবে কোনোৱে কেতিয়াবা ৪৫০ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ কথা ভাবিব পাৰেনে। হয়! পাৰে। কাৰণ এই কথা প্ৰমাণ কৰি দেখুৱালে এগৰাকী ইটালীৰ খঙাল স্বামীয়ে। শুনি অবিশ্বাস্য লাগিলেও এয়া সত্য ঘটনা।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ২ বজাত ইটালীৰ উপকূলৰ ফানোৰ ৰাস্তাত এজন লোকক সন্দেহজনকভাৱে খোজ কাঢ়ি থকা দেখিছিল কৰ্তব্যৰত আৰক্ষীয়ে। পিছত আৰক্ষীয়ে নিশা কাৰ্ফিউৰ নিয়ম উলংঘা কৰাৰ অভিযোগত লোকজনক আটক কৰি জেৰা কৰে।

আপুনি পঢ়ি ভাল পাব পাৰেঃ ছোনিয়া গান্ধীৰ কাষ চাপিবলৈ কাক উৎকোচ দিছিল ৰাজীৱ গান্ধীয়ে?

জেৰাত আৰক্ষীয়ে জানিব বিচাৰে যে তেওঁ কিয় চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি নিশা ৰাজপথত খোজ কাঢ়ি আছে? মানুহজনে তেতিয়া উত্তৰ দিয়ে যে- ইটালীৰ উত্তৰ কোমো অঞ্চলত বাস কৰা লোকজনে এসপ্তাহ আগতে তেওঁৰ পত্নীৰ সৈতে প্ৰচণ্ড বিবাদ হৈছিল। তাৰ পিছতে তেওঁ খঙত ঘৰৰ পৰা ওলাই আহে। এনেদৰেই এসপ্তাহ খোজ কাঢ়াৰ পিছত, তেওঁ অৱশেষত ফানো অঞ্চলত উপস্থিত হয়।

তেওঁৰ সকলো কথা শুনাৰ পাছত আৰক্ষীয়ে তেওঁক ৫০ ডলাৰ জৰিমনা বিহা হয়। ইপিনে ব্যক্তিজনৰ সৈতে থকা নথি-পত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰাৰ পিছত জনা যায় যে উত্তৰ কোমো অঞ্চলৰ আৰক্ষীক তেওঁৰ পত্নীয়ে এসপ্তাহ পূৰ্বে স্বামীৰ নিৰুদ্দেশ হোৱাৰ এক অভিযোগ দিছে। তাৰ পিছত মহিলাগৰাকীক সেই বাতৰিটো প্ৰেৰণ কৰা হয় আৰু পাছত পত্নী থানাত উপস্থিত হৈ স্বামীক ঘৰলৈ লৈ যায়।

You might also like