পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰিব মনু-শ্ৰীজেশে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ আগষ্টঃ বিগত ২৬ জুলাইত অনুষ্ঠিত হৈছিল পেৰিছ অলিম্পিক ২০২৪। এতিয়ালৈ চৈধ্য দিনৰ খেল খেলা হৈছে। পেৰিছ অলিম্পিকত অন্তিম দিনটো আজি। অৰ্থাত কাইলৈ অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠান। এই সামৰণী অনুষ্ঠানৰ বাবে ভাৰতীয় পতাকা বাহকৰ নাম ঘোষণা কৰা হৈছে। ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকেৰ আৰু পি আৰ শ্ৰীজেশ। এই সন্মান লাভ কৰি সুখ প্ৰকাশ কৰি শ্ৰীজেশে কয়, “ভাৰতৰ পতাকাখন মোৰ বাবে অতি গৌৰৱৰ বিষয়। আমাৰ দেশক অলিম্পিক গেমছত প্ৰতিনিধিত্ব কৰাটো প্ৰতিজন খেলুৱৈৰ সপোন, আৰু এই সন্মান মোৰ বাবে অতি বিশেষ।” ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি ড০ পিটি উষাই কয় যে শ্ৰীজেশক পতাকাবাহী হিচাপে লোৱাৰ সিদ্ধান্ত অতি আৱেগিক। শ্ৰীজেশে দুটা দশক ধৰি ভাৰতীয় হকী আৰু ক্ৰীড়াৰ সেৱা আগবঢ়াই আহিছে। তেওঁৰ অভিজ্ঞতা আৰু অৱদান অতুলনীয়। আই অ’ এয়ে পতাকাবাহীগৰাকীৰ বাবে পেৰিছ ২০২৪ৰ ৰূপৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামো বিবেচনা কৰিছিল যদিও নীৰজে নিজেই শ্ৰীজেশক দিয়াৰ পৰামৰ্শ দিছিল। পিটি উষাই কয়- “নীৰজে অতি ভদ্ৰভাৱে কৈছিল যে শ্ৰীজেশক পতাকাবাহী বনাব লাগে। ইয়াৰ দ্বাৰা নীৰজে তেওঁৰ প্ৰতি থকা সন্মানৰ কথা প্ৰকাশ পাইছে।” ২০০৪ চনৰ পৰা ২০০৬ চনলৈ হকী ইণ্ডিয়া অনূৰ্ধ্ব ১৯ৰ অংশ আছিল পি আৰ শ্ৰীজেশ। ২০০৬ চনৰ পৰা তেওঁক ভাৰতীয় হকী দলৰ অংশ হিচাপে গঢ়ি তোলা হয়। শ্ৰীজেশৰ ১৮ বছৰীয়া কেৰিয়াৰত ভাৰতে দুটা অলিম্পিক ব্ৰঞ্জৰ পদক লাভ কৰিছে। এটা ২০২০ চনত টকিঅ’ত আৰু আনটো ২০২৪ চনত পেৰিছত। তেওঁক এতিয়ালৈকে দেশৰ শ্ৰেষ্ঠ হকী গ’লৰক্ষক হিচাপে গণ্য কৰা হয়। স্বাধীনতাৰ পিছত একেখন অলিম্পিকতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মনু ভাকেৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত দেশৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে।