নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত বিস্ফোৰণেৰে ৰে’ল লাইন উৰুৱালে মাওবাদীয়ে

বিশেষ বাৰ্তা, ২২ ডিচেম্বৰ : ঝাৰখণ্ডত বিস্ফোৰণেৰে ৰে’ল লাইন উৰুৱাই দিলে মাওবাদীয়ে৷ ইয়াৰ ফলত হাওৰা–মুম্বাই শাখাত ৰে’ল চলাচল বিপর্যস্ত হৈ পৰিছে৷ ৰে’ল বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, কালি নিশা ১১ বজাত গোইলকেৰা আৰু পোছাইটা ষ্টেচনৰ মাজত ৰে’ল লাইনৰ বৃহৎ অংশ এটা বিস্ফোৰকেৰে উৰুৱাই দিছে মাওবাদীয়ে৷ সেই সময়ত এই পথেৰে ১৮০৩০ শালিমাৰ–কুর্লা এক্সপ্রেছ যোৱাৰ কথা আছিল৷ কিন্তু তাৰ পূর্বেই কাষৰ লাইনেৰে অহা মালগাড়ীৰ চালক আৰু গার্ডৰ নজৰত পৰে এই বিষয়টো৷ লগে লগে ষ্টেচন মেনেজাৰক বিষয়টো জনাই দিয়া হয়৷ ইয়াৰ পিছতে গোইলকেৰা ষ্টেচনত শালিমাৰ এক্সপ্রেছ ৰে’লখন ৰখাই দিয়া হয়৷ উল্লেখনীয় যে আজিৰ দিনটোত মাওবাদীয়ে ভাৰত বন্ধৰ আহ্বান জনাইছে৷

You might also like