নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসহ্যকৰ যন্ত্রণাত মৃত্যু হৈছিল মাৰাডোনাৰ

🔹 ফৰেনছিক বিশেষজ্ঞৰ মন্তব্যই লগাইছে খলকনি

🔹 হৃদযন্ত্রৰ ওজন আছিল স্বাভাৱিকতকৈ প্রায় দুগুণ বেছি!

নিউজ ডেস্ক, ২৯ মার্চ : কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ চাৰি বছৰৰো অধিক কাল পাৰ হৈ গ’ল৷ কিন্তু তেওঁৰ মৃত্যুৰ ৰহস্য আজিও ভেদ হোৱা নাই ৷ মৃত্যুক লৈ চলি থকা ৰহস্যৰ মাজতে মাৰাডোনাৰ প্রাক্তন দেহৰক্ষী জুলিও চেজাৰ ক’ৰিয়াক গ্রেপ্তাৰ কৰা হয়৷ ইফালে, কিংবদন্তি ফুটবলাৰগৰাকীৰ কন্যা জন মাৰাডোনাই চিকিৎসক আৰু নার্ছকে ধৰি ৭জন লোকৰ বিৰুদ্ধে মাৰাডোনাৰ স্বাস্থ্যৰ প্রতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ তীব্র যন্ত্রণাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলিও শেহতীয়াভাৱে জানিব পৰা গৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ অংশ হিচাপে থকা এজন ফৰেনছিক বিশেষজ্ঞই বৃহস্পতিবাৰে ৭জন অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য দিছিল৷ ফৰেনছিক বিশেষজ্ঞ মৌৰিচিঅ’ কেচিনেলিয়ে কয় যে মাৰাডোনা কমেও ১০ দিন ধৰি হাওঁফাওঁৰ সমস্যাত ভুগি আছিল ৷ তাত পানী জমা হৈ আছিল৷ কিন্তু হৃদযন্ত্রৰ বিকলতা আৰু লিভাৰ চিৰ’ছিছৰ বাবে তেওঁৰ মৃত্যু হয়৷ কেচিনেলিৰ মতে, মাৰাডোনাৰ হূদযন্ত্রৰ ওজন স্বাভাৱিকতকৈ প্রায় দুগুণ বেছি আছিল৷ ফলত মৃত্যুৰ পূর্বে কমেও ১২ ঘণ্টা ধৰি তীব্র বিষ অনুভৱ কৰিছিল৷ মগজুত তেজ জমা হোৱাৰ বাবে তেওঁৰ অস্ত্রোপচাৰ কৰা হয়৷ তাৰ পাছত তেওঁ নিজৰ ঘৰতে জিৰণি ল’লে৷ অৱশ্যে সেই ঘৰত তেওঁক ৰখাটো উচিত নাছিল বুলিও অভিযোগ উত্থাপন হৈছে৷ অধিবক্তাসকলে মাৰাডোনাৰ জীৱনৰ শেষৰ দিনবোৰক ‘ভয়ংকৰ’ বুলি অভিহিত কৰিছে৷ কেচিনেলিয়ে লগতে কয় যে মাৰাডোনাক তেওঁৰ মৃত্যু হোৱা ঘৰত ৰখাটো সঠিক নহয়৷ চিকিৎসক আৰু নার্ছকে ধৰি ৭জন লোকৰ বিৰুদ্ধে ‘ইচ্ছাকৃত হত্যা’ৰ অভিযোগ উত্থাপন হৈছে৷ অভিযুক্তসকলে অভিযোগ কৰিছে যে ফুটবলাৰগৰাকীয়ে মৃত্যুৰ পূর্বে বিষ অনুভৱ কৰিছিল৷ দীর্ঘদিন ধৰি চলি থকা এই গোচৰত প্রায় ১২০জন সাক্ষীয়ে সাক্ষ্য দিব বুলি আশা কৰা হৈছে৷ সর্বকালৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ মাৰাডোনাই ২০২০ চনৰ ২৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ অধিবক্তাই সম্পূর্ণ তদন্তৰ দাবী জনায়৷ অভিযোগ আছিল- চিকিৎসা ব্যৱস্থাত গাফিলতি ঘটিছিল৷ উপযুক্ত চিকিৎসা লাভ কৰিলে মৃত্যুৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন৷ তেওঁৰ যত্ন ল’বলৈ মুঠ ২০জন চিকিৎসক আছিল৷ ২০২২ চনৰ মার্চ মাহৰ পৰা আৰম্ভ হৈছে তদন্ত৷

You might also like