চীনত দ্রুতগতিত হ্রাস বিবাহ
বিশেষ বাৰ্তা, ১৩ জুনঃ বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশৰ স্বীকৃতি হেৰুওৱাৰ অন্যতম কাৰণ হিচাপে চীনৰ দ্রুতগতিত বিবাহ হ্রাস পোৱা বুলি চর্চিত হৈছে ৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ২০২১ চনৰ তুলনাত ২০২২ চনত চীনত বিবাহ হ্রাস পাইছে৷ চীনৰ অসামৰিক পৰিক্রমা বিভাগৰ তথ্য মতে, ২০২২ চনত ৬.৮ নিযুত দম্পতীয়ে বিবাহ পঞ্জীয়ন কৰিছে৷ ইয়াৰ বিপৰীতে ২০২১ চনত ৭.৬৩ নিযুত দম্পতী বিবাহপাশত আবদ্ধ হৈছিল৷ অর্থাৎ ২০২১ চনৰ তুলনাত ২০২২ চনত বিবাহ ১০.৫ শতাংশ হ্রাস পাইছে৷ উল্লেখ্য যে ১৯৮৬ চনৰ পিছত চীনত সর্বনিম্ন বিবাহ পঞ্জীয়ন হৈছে৷ মন কৰিবলগীয়া যে চীনৰ জন্মৰ হাৰো বিগত বর্ষৰ তুলনাত হ্রাস পাইছে৷ ২০২১ চনত ৭.৫২ শতাংশ জন্মৰ হাৰৰ বিপৰীতে ২০২২ চনত জন্মৰ হাৰ ৬.৭৭ শতাংশ৷ মন কৰিবলগীয়া যে ২০২২ চনত চীনৰ জনসংখ্যা ৬০ বছৰৰ পিছত প্রথমবাৰৰ বাবে হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশ চীনক অতিক্রম কৰি ভাৰত সর্বাধিক জনসংখ্যাৰ দেশত পৰিণত হৈছে৷