নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুৰকিনা ফাছোত নৰমেধ ! ১৭০জনক নৃশংস হত্যা

🔹 পাশৱিক ঘটনাক লৈ বিশ্বজুৰি চাঞ্চল্য

বিশেষ বাৰ্তা, ৫ মার্চ : পশ্চিম আফ্রিকান ৰাষ্ট্র বুৰকিনা ফাছোৰ গ্রামাঞ্চলত সংঘটিত আক্রমণৰ ঘটনাত কমপক্ষেও ১৭০গৰাকী লোক নিহত হৈছে৷ তিনিখন গাঁৱত এই লোকসকলক দুর্বৃত্তই মৃত্যুদণ্ড প্রদান কৰা বুলি দেশখনৰ এগৰাকী ন্যায়াধীশে সংবাদ মাধ্যমক জনাইছে৷ সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি, চৰকাৰী অধিবক্তা এলি বেঞ্জামিন কুলিবালীয়ে এক বিবৃতিত এই শিহৰণকাৰী ঘটনাৰ কথা প্রকাশ কৰিছে৷ এসপ্তাহ পূর্বে য়াটেংগা প্রদেশৰ কমছিলগা, নোদিন আৰু চৰ’গাঁৱত আক্রমণ চলায় দুৰ্বৃত্তই৷ ইয়াৰ পিছতে নিৰীহ লোকসকলক আটক কৰি মৃত্যুদণ্ড কার্যকৰী কৰে দুর্বৃত্তই৷ নিহতসকলৰ ভিতৰত বহুসংখ্যক মহিলা আৰু শিশুও আছে৷ উল্লেখনীয় যে ইয়াৰ কেইসপ্তাহমান পূর্বেই দেশখনৰ মছজিদ আৰু গির্জাত আক্রমণ চলাইছিল দুর্বৃত্তৰ দলে৷ এনে পাশৱিক ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like