নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ খাইবাৰ পাখতুনখাৱাত নৰসংহাৰ

🔴 জেইউআই–এফৰ ৰাজনৈতিক অভিৱর্তনত ভয়াৱহ বিস্ফোৰণ

🔴 স্থানীয় নেতাসহ ৪০জনৰ প্রাণহানি, দুই শতাধিক আহত

বিশেষ বাৰ্তা, ৩০ জুলাই : সংঘর্ষ–কূটাঘাত আৰু ৰাজনৈতিক অস্থিৰতাত উত্তপ্ত হৈ থকা পাকিস্তানৰ খাইবাৰ পাখতুনখাৱাত সংঘটিত হৈছে ভয়াৱহ নৰসংহাৰ ৷ জমিয়ত উলেমা ইছলাম–ফজল (জেইউআই–এফ)ৰ এক ৰাজনৈতিক অভিৱর্তনত সংঘটিত ভয়াৱহ বিস্ফোৰণত কমপক্ষেও ৪০গৰাকী নিহত হোৱাৰ উপৰি অন্য দুই শতাধিক আহত হৈছে ৷ আহতসকলৰ ৫০জনৰ অৱস্থা সংকটজনক বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে ৷ খাইবাৰ পাখতুনখাৱাৰ বাজাউৰ জিলাৰ খাৰত জেইউআই–এফৰ এক ৰাজনৈতিক অভিৱর্তন চলি থকা সময়তে এই বিস্ফোৰণ সংঘটিত হয় ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, জেইউআই–এফৰ স্থানীয় নেতা এগৰাকীও এই বিস্ফোৰণত নিহত হৈছে ৷ অভিৱর্তনস্থলীত এই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে সমগ্র অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰি ৰখা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে ৷ ইতিমধ্যে দেশখনৰ চৰকাৰী টেলিভিছনত ঘটনাস্থলীত এম্বুলেন্স প্রৱেশ কৰাৰ ভিডিঅ’ মুকলি কৰি দিয়া হৈছে৷ ছ’চিয়েল মিডিয়াত ইতিমধ্যে শিহৰণকাৰী ভিডিঅ’ দেখিবলৈ পোৱা গৈছে৷ বিস্ফোৰণস্থলীত ৰক্তাক্ত অৱস্থাত বহু লোক পৰি থকা দেখিবলৈ পোৱা গৈছে এই ভিডিঅ’ত ৷ তাৎক্ষণিকভাৱে এই বিস্ফোৰণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই৷ ইফালে, বাজাউৰৰ হাস্পতালসমূহৰ লগতে ইয়াৰ সমীপৱর্তী অঞ্চলসমূহত হাইএলার্ট জাৰি কৰা হৈছে ৷ গুৰুতৰভাৱে আহত লোকসকলক হেলিকপ্টাৰৰ জৰিয়তে পেছোৱাৰ আৰু অন্যান্য হাস্পতাললৈ স্থানান্তৰ কৰাৰ চেষ্টা চলাই আছে প্রশাসনে ৷ খাইবাৰ পাখতুনখাৱাৰ তদাৰকী তথ্য মন্ত্রী ফিৰোজ শ্বাহ জামালে উল্লেখ কৰা অনুসৰি, এই বিস্ফোৰণ অতি শিহৰণকাৰী ৷ প্রত্যক্ষদর্শীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, অভিৱর্তনত এগৰাকী নেতাই ভাষণ দিয়া শুনি আছিল সমৱেত লোকসকলে ৷ সেই সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে ৷ জেইউআই–এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে এই ঘটনাৰ তদন্ত দাবী কৰাৰ উপৰি আহত লোকসকলক প্রয়োজনীয় চিকিৎসা প্রদান কৰাৰো আহ্বান জনাইছে চৰকাৰক ৷ ইফালে, নিহত লোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে নেতাগৰাকীয়ে ৷ খাইবাৰ পাখতুনখাৱাৰ মুখ্যমন্ত্রী মহম্মদ আজম খানে এই বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়াৰ উপৰি জিলা প্রশাসনৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে প্রতিবেদন বিচাৰিছে৷ জেইউআই–এফৰ অন্য এগৰাকী নেতা হাফিজ হামদুল্লাহে এই বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়াৰ উপৰি এনে কার্য কেতিয়াও জেহাদ নহয় সন্ত্রাসবাদহে বুলিও মন্তব্য আগবঢ়ায়৷ নেতাগৰাকীয়ে জেইউআই–এফৰ ওপৰত হোৱা এই আক্রমণৰ ঘটনাক লৈ সংসদ উত্তাল কৰিব বুলিও হুংকাৰ দিছে ৷

You might also like