নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেইনত এমবাপেৰ যুগাৰম্ভ : ৰিয়েল মাদ্রিদত এমবাপেৰ অভিষেক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ ইউৰোৰ বিফলতা অতীত৷ ৰিয়েল মাদ্রিদৰ ফুটবলাৰ হিচাপে অভিষেক ঘটিল কাইলিয়ান এমবাপেৰ৷ স্পেইনত আৰম্ভ হ’বলৈ ওলাইছে কিলিয়ান এমবাপেৰ যুগ৷ ফ্রান্সৰ ছুপাৰষ্টাৰগৰাকীয়ে কালি নিজৰ সপোনৰ ষ্টেডিয়াম ছাণ্টিয়াগো বের্নাবিউত ৮৫ হাজাৰ অনুৰাগীৰ সন্মুখত ৰিয়েল ফুটবলাৰ হিচাপে অভিষেক ঘটায়৷ ৰিয়েল মাদ্রিদত খেলাটো এমবাপেৰ শৈশৱৰ সপোন আছিল৷ তেওঁ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ অনুৰাগী৷ ৰ’নাল্ডোৱে ৰিয়েলৰ হৈ খেলাৰ সপোন দেখিছিল৷ সেই সপোন ২৫ বছৰ বয়সতে বাস্তৱায়িত হৈছিল– ৰিয়েল মাদ্রিদৰ ফুটবলাৰ হিচাপে অভিষেক ঘটোৱাৰ পিছত এমবাপে এনেদৰে কয়৷ তেওঁ স্বীকাৰ কৰে যে এয়া তেওঁৰ বাবে এটা সপোন বাস্তৱায়িত হোৱা মুহূর্ত৷ সৰুৰে পৰাই তেওঁ এই মুহূর্তৰ বাবে অপেক্ষা কৰি আছিল৷ ইতিমধ্যে ৰিয়েল মাদ্রিদত এমবাপেৰ আগমনৰ লিখনি স্পষ্ট হৈ পৰিছিল৷ চলিত বর্ষৰ ফেব্রুৱাৰী মাহত ৰিয়েলৰ সৈতে মৌখিকভাৱে সন্মতি হৈছিল এমবাপেৰ৷ ইয়াৰ পূর্বে তেওঁ নিজৰ ক্লাব পেৰিছ ছেইণ্ট জার্মেইনক জনাইছিল যে তেওঁ ছিজনৰ শেষত নতুন ক্লাবত চুক্তিবদ্ধ হ’ব৷ ৰিয়েল মাদ্রিদৰ সৈতে ৫ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ফ্রান্সৰ তাৰকাগৰাকী৷ এমবাপেই পিএছজিৰ হৈ লীগ ১ৰ খিতাপ ছবাৰ জয় কৰিছে৷ লগতে ২০২০ চনত চেম্পিয়নছ লীগৰ ফাইনেল খেলিছিল৷ কিন্তু খিতাপ দখল কৰিব নোৱাৰিলে৷

You might also like