নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চক্সিক আনিবলৈ ড’মিনিকাত ভাৰতৰ বিমান

নিয়মীয়া বাৰ্তা, ৩১ মেঃ কেৰিবিয়ান ৰাষ্ট্র এণ্টিগুৱা–বার্বুডাৰ প্রধানমন্ত্রী গেষ্ট’ন ব্রাউনে কালি দেশখনৰ এক ৰেডিঅ’ শ্ব’ত উল্লেখ কৰিছে যে পলাতক হীৰা ব্যৱসায়ী মেহুল চক্সিৰ প্রত্যর্পণৰ বাবে ভাৰতে যাৱতীয় নথি–পত্রসহ এখন ব্যক্তিগত বিমান ড’মিনিকালৈ প্রেৰণ কৰিছে৷ স্মর্তব্য যে এণ্টিগুৱা–বার্বুডাৰ পৰা ড’মিনিকালৈ জলপথেৰে পলায়ন কৰা অৱস্থাতে মেহুল চক্সিক গ্রেপ্তাৰ কৰা হৈছে৷

বর্তমান ড’মিনিকাৰ ডগ্লাছ–চার্লেছত ভাৰতে প্রেৰণ কৰা ব্যক্তিগত বিমানখন ৰৈ থকা বুলিও কালি ৰেডিঅ’ শ্ব’ত উল্লেখ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ মাদ্রিদ হৈ ড’মিনিকাৰ বিমানবন্দৰত ভাৰতীয় বিমানখনে অৱতৰণ কৰাৰ ছবি ইতিমধ্যে এণ্টিগুৱা–বার্বুডা চৰকাৰে মুকলি কৰি দিছে৷ কাটাৰ এয়াৰৱেজৰ এই ব্যক্তিগত বিমানখনৰ জৰিয়তেই ৬২ বছৰীয়া পলাতক হীৰা ব্যৱসায়ীজনক ভাৰতে গৃহভূমিলৈ ওভতাই নিব বুলিও উল্লেখ কৰিছে এণ্টিগুৱা–বার্বুডাৰ প্রধানমন্ত্রীগৰাকীয়ে৷

You might also like