হোৱাইট হাউছৰ কর্মীলৈ ধন্যবাদসূচক টোকা নিলিখিলে মেলানিয়া ট্রাম্পে
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বিদায় ক্ষণত হোৱাইট হাউছৰ কর্মীলৈ মেলানিয়া ট্রাম্পে ধন্যবাদসূচক টোকা নিলিখা বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ জ’ বাইডেন আৰু কমলা হেৰিছে শপতগ্রহণ কৰাৰ পূর্বেই ট্রাম্প দম্পতীয়ে ত্যাগ কৰে হোৱাইট হাউছ৷ কিন্তু হোৱাইট হাউছৰ আৱাসিক কর্মীসকললৈ ধন্যবাদসূচক টোকা লিখিবলৈ সময় উলিয়াব নোৱাৰিলে বিদায়ী ফার্ষ্ট লেডী মেলানিয়াই৷ মেলানিয়া ট্রাম্পে এই ধন্যবাদসূচক টোকা লিখাৰ দায়িত্ব দিয়ে হোৱাইট হাউছৰ এগৰাকী কর্মীক৷
চিএনএনৰ প্রতিবেদন অনুসৰি হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ সময়ত ৰাষ্ট্রপতি তথা ফার্ষ্ট লেডীয়ে ইয়াৰ কর্মীসকললৈ ধন্যবাদসূচক টোকা লিখাটো এক পৰম্পৰা৷ বিগত চাৰি বছৰ ধৰি হোৱাইট হাউছৰ ৮০গৰাকী কর্মীয়ে ট্রাম্প পৰিয়ালৰ সেৱা শুশ্রূষা কৰিছিল৷
লক্ষণীয়ভাৱে এই কর্মীসকলক নিজে ধন্যবাদসূচক টোকা লিখি বিদায় গ্রহণ কৰিব লাগে যদিও মেলানিয়া ট্রাম্পে এগৰাকী ইষ্ট উইঙৰ কর্মীৰ হতুৱাই এই টোকা লিখি নিজে স্বাক্ষৰ কৰে৷ বিষয়টোক লৈ এতিয়া সৃষ্টি হৈছে প্রতিক্রিয়া৷ চিএনএনৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি হোৱাইট হাউছত সুখী নাছিল মেলানিয়া ট্রাম্প৷ গতিকে হোৱাইট হাউছ ত্যাগ কৰিব লগা হোৱা বাবে প্রাক্তন ফার্ষ্ট লেডীগৰাকীৰ কোনো আক্ষেপ নাছিল অন্তৰত৷