নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপি কংগ্রেছে বিতৰণ কৰিব প্রিয়ংকাৰ ফটোসম্বলিত কেলেণ্ডাৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ   কংগ্রেছৰ উত্তৰ প্রদেশ গোটে দলটোৰ নেত্রী প্রিয়ংকা গান্ধীক ৰাজনৈতিক যাত্রাৰ আলোকচিত্রসম্বলিত ১০ লাখ কেলেণ্ডাৰ ৰাজ্যখনত বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ প্রতিখন চহৰ আৰু গাঁৱলৈ এই কেলেণ্ডাৰ প্রেৰণ কৰা হ’ব বুলি দলৰ এক সূত্রই সদৰী কৰিছে৷ দলৰ সাধাৰণ সম্পাদিকাৰ দায়িত্বত থকা প্রিয়ংকা গান্ধী ভদ্রাৰ ৰাজনৈতিক যাত্রাৰ বিভিন্ন মুহূর্তৰ আলোকচিত্র আৰু তথ্যসম্বলিত এই কেলেণ্ডাৰখন হ’ব ১২ পৃষ্ঠাৰ৷ টেবুল টক এই কেলেণ্ডাৰখনৰ জৰিয়তেই কংগ্রেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ প্রচেষ্টাও চলাব উত্তৰ প্রদেশ গোটে৷

ছোনিয়া গান্ধীৰ দুহিতা আৰু সাংসদ ৰাহুল গান্ধীৰ ভগ্ণী প্রিয়ংকা গান্ধীয়ে উত্তৰ প্রদেশৰ বিগত বিধানসভা নির্বাচনৰ পূর্বেই সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰিছিল৷ অৱশ্যে নেত্রীগৰাকীয়ে কংগ্রেছত যোগদান কৰিও বিগত বিধানসভা নির্বাচনত উত্তৰ প্রদেশত কোনোধৰণৰ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল৷

You might also like