নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মেল’ডী’ : ইটালীৰ প্রধানমন্ত্রীৰে মোদীৰ ছেলফিক লৈ তীব্র আলোড়ন

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : ‘মেল’ডী’ ! মেল’ডী ছেলফি মুহূর্তই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে ৷ ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নী আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছেলফিক ‘মেল’ডী’ হিচাপে আখ্যা দি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে৷ ইউএইৰ ডুবাইত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ ক’প–২৮ৰ সময়ত ইটালীৰ প্রধানমন্ত্রী মেল’নী আৰু ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে উঠা ছেলফিয়ে দেশজুৰি ব্যাপক চর্চা লাভ কৰিছে৷ এই ছেলফিখন সামাজিক মাধ্যমত এনেদৰে ভাইৰেল হৈছে যে ঘণ্টাৰ ভিতৰতে ইণ্টাৰনেটত এই ছেলফিখন অনুৰাগীয়ে ৭০.৩ হাজাৰবাৰ পোষ্ট কৰিছে৷ হাস্যমুখে ইটালীৰ প্রধানমন্ত্রী মেল’নী আৰু ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে উঠা ছেলফিখন ছ’চিয়েল মিডিয়া এক্সত দুয়োগৰাকী নেতাৰ উপাধিৰ সংমিশ্রণেৰে মেল’ডী হিচাপে চর্চাৰ কেন্দ্রবিন্দু হৈছে৷ ছ’চিয়েল মিডিয়াত এই ছেলফিখন ১৩.৫ নিযুত লোকে প্রত্যক্ষ কৰিছে৷ ২১০ হাজাৰ লোকে পছন্দ কৰিছে৷ ১২ হাজাৰ লোকে কমেণ্ট দিছে আৰু ৪০জনে ৰি–টুইট কৰিছে৷ দুয়োগৰাকী নেতাৰ ছেলফিয়েই নহয়, ক’প–২৮ সন্মিলনত বার্তালাপৰ ভিডিঅ’ও ভাইৰেল হৈছে৷ উল্লেখনীয় যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নীৰ এক মধুৰ সম্পর্ক আছে ৷ নতুন দিল্লীত আয়োজিত জি–২০ শীর্ষ সন্মিলনতো দুয়োগৰাকী নেতাৰ এই সম্পর্ক চর্চিত হৈছিল৷ মেল’ডী ভাইৰেল হোৱাৰ পিছত প্রধানমন্ত্রী মোদীয়ে ইটালীৰ প্রধানমন্ত্রী মেল’নীৰ সৈতে ফটো সামাজিক মাধ্যম এক্সযোগে প্রচাৰ কৰি কয় যে ভাৰত আৰু ইটালীয়ে বহনক্ষম আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে একেলগে কাম কৰি যাব৷ আনহাতে, কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ মাতৃক ইটালীৰ বুলি প্রায়ে সমালোচনা কৰি অহা প্রধানমন্ত্রী মোদীয়ে ইটালীৰ প্রধানমন্ত্রীৰ সৈতে ছেলফি উঠি প্রচাৰ কৰা বিষয়টোক লৈ একাংশ লোকে সমালোচনা কৰিছে৷

You might also like