নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত পুৰুষে খেলিছে মহিলা বক্সাৰৰ বিৰুদ্ধে !

🔹 মাত্র ৪৫ ছেকেণ্ডতে ৰিং এৰিলে অসহায় বক্সাৰে

বিশেষ বাৰ্তা, ৩ আগষ্ট : চলিত পেৰিছ অলিম্পিকত মহিলা বক্সাৰৰে প্রতিযোগিতাত নামিছে পুৰুষ৷ বিশ্বজুৰি ইয়াক লৈ আৰম্ভ হৈছে তীব্র প্রতিক্রিয়া৷ অলিম্পিকত এঞ্জেলা কেৰিনিয়া নামৰ বক্সাৰগৰাকীক মাত্র ৪৫ ছেকেণ্ডতে পৰাস্ত কৰাৰ পিছতে আলজেৰিয়াৰ ইমান খেলিফ নামৰ বক্সাৰগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ বিতর্কিত মেচখনত মাত্র ৪৫ ছেকেণ্ডতে পৰাজয় স্বীকাৰ কৰি লোৱা এঞ্জেলা কেৰিনিয়াই কয়– তেওঁক কেতিয়াও কোনো প্রতিদ্বন্দ্বীয়ে ইমান জোৰকৈ আঘাত কৰা নাছিল৷ এই ঘটনাৰ পিছতে এতিয়া নেটিজেনসকলে সমালোচনা কৰাৰ লগতে উচিত ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে ২০২৩ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূর্বে বহিষ্কাৰৰ সন্মুখীন হৈছিল ইমান খেলিফ৷ প্রতিযোগিতাখনত XY ক্রম’জমৰ এথলীটে মহিলাসকলৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব নোৱাৰিব বুলি যুক্তি দি তেওঁক প্রতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছিল৷ ইয়াৰ পিছতো কিদৰে এই বক্সাৰগৰাকীয়ে পেৰিছ অলিম্পিকত অংশগ্রহণ কৰিছে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ উল্লেখ্য যে পেৰিছ অলিম্পিক অনুষ্ঠিত কৰিছে আন্তর্জাতিক অলিম্পিক কমিটীয়ে৷ এই কমিটীয়ে খেলিফক প্রতিযোগিতাত অংশগ্রহণৰ অনুমতি দিছে৷ খেলিফে প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰাৰ পিছৰে পৰা এই বিষয়ক লৈ বিতর্ক আৰম্ভ হৈছিল৷ তাৰ মাজতে ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনিয়াই মেচৰ আধাতে বক্সিং ৰিং এৰি যোৱাত এতিয়া সেই বিতর্ক বিশ্বজনীন হৈ পৰিছে৷ এনে পৰিস্থিতিত আন্তর্জাতিক অলিম্পিক কমিটীয়ে এক প্রেছ বিবৃতি জাৰি কৰিছে৷ সেই বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে এথলীটসকলৰ পাছপ’ৰ্টৰ ভিত্তিতেই তেওঁলোকৰ লিংগ আৰু বয়স নির্ধাৰণ কৰা হয়৷ টকিঅ’ অলিম্পিকতো এই নিয়মেই আছিল৷ বিবৃতিত কোৱা হৈছে যিদৰে মহিলা বক্সাৰগৰাকীক কাঠগৰাত তোলা হৈছে, সেয়া অতি নিন্দনীয়৷ ২০২৩ চনত যিদৰে বক্সাৰগৰাকীৰ লিংগ পৰীক্ষা কৰা হৈছিল আৰু সিদ্ধান্ত গ্রহণ কৰা হৈছিল, সেয়া আছিল একপক্ষীয় সিদ্ধান্ত৷ সেই একপক্ষীয় সিদ্ধান্তৰ বাবেই এতিয়া এই মহিলা বক্সাৰগৰাকী সমালোচনাৰ সন্মুখীন হৈছে বুলিও অলিম্পিক কমিটীয়ে বিবৃতিত উল্লেখ কৰিছে৷

You might also like