দীঘল দাড়ি–মোচেৰে গীনিজ বুকত অভিলেখ মিচিগানৰ মহিলাৰ
🔹 পলিকাইষ্টিক অ’ভাৰিয়ান ছীণ্ড্রমত আক্রান্ত হনিকাট
বিশেষ বাৰ্তা, ১৪ আগষ্ট : মহিলাৰ মোচ আৰু দাড়ি থকাটো বিভিন্নজনৰ বাবে অকল্পনীয় ঘটনা৷ কিন্তু মিচিগানৰ এগৰাকী ৩৮ বছৰীয়া মহিলাই মোচ আৰু দাড়িৰে গীনিজ ৱল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই মহিলাগৰাকীৰ নাম এৰিন হনিকাট৷ হনিকাটৰ দাড়ি-মোচৰ দৈর্ঘ্য ১১.৮ ইঞ্চি৷ এবিধ ৰোগত আক্রান্ত হৈছে হনিকাট৷ পলিকাইষ্টিক অ’ভাৰিয়ান ছীণ্ড্রমত আক্রান্ত হোৱাৰ পৰিণতিতেই হনিকাটৰ এই দীঘল দাড়িবোৰ৷ হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে এনে ৰোগত আক্রান্ত হয় মহিলা৷ ইয়াৰ ফলত দাড়ি তথা চুলিৰ অস্বাভাৱিক বৃদ্ধি ঘটে৷ হনিকাটৰ এই অস্বাভাৱিক শাৰীৰিক গঠন আৰম্ভ হয় মাত্র ১৩ বছৰ বয়সতে৷ আৰম্ভণিতে হনিকাটে নিজৰ দাড়ি–মোচ খুৰাইছিল৷ তিনি দিনত এবাৰকৈ পুৰুষৰ দৰে দাড়ি–মোচ খুৰাই পৰিপাটি হৈ আছিল মহিলাগৰাকী৷ আনকি দাড়ি নাইকিয়া কৰিব পৰা বিভিন্ন দৰবো গ্রহণ কৰিছিল হনিকাটে৷ ইয়াৰ ফলত নিজৰ চকুৰ দৃষ্টিশক্তি কমি আহে তৰুণীগৰাকীৰ৷ আনকি উচ্চ ৰক্তচাপত ভুগিবলগীয়া হয় হনিকাট৷ গতিকে নিজৰ দাড়ি–মোচ ৰখাৰ সিদ্ধান্ত লয় হনিকাটে৷ চলিত বর্ষৰ ৮ ফেব্রুৱাৰীত হনিকাটে আটাইতকৈ দীঘল দাড়ি–মোচ থকা মহিলা হিচাপে গীনিজ বুকত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে এই অভিলেখৰ গৰাকী আছিল ৭৫ বছৰীয়া মহিলা ভিভিয়ান হুইলাৰ৷