ফিলিপাইনছত সামৰিক বিমান দুর্ঘটনাত নিহত ৪৫, কঢ়িয়াইছিল ৯০ৰ অধিক যাত্রী
নিয়মীয়া বাৰ্তা ৫ জুলাইঃ দক্ষিণ ফিলিপাইনছত সামৰিক বিমান দুর্ঘটনাত পতিত হোৱাৰ ফলত কম পক্ষেও ৪৫গৰাকী লোক নিহত হৈছে৷ আৱাসিক অঞ্চলত দুর্ঘটনাত পতিত হোৱা বিমানখনৰ ধ্বংসস্তূপৰ পৰা এই বাতৰি যুগুতোৱাৰ পৰলৈ ৫০গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷ দেশখনৰ গৃহমন্ত্রালয়ে সদৰী কৰা অনুসৰি ৯০গৰাকীতকৈ অধিক যাত্রী কঢ়িয়াই আনিছিল বিমানখনে৷ বিমানখনৰ এই যাত্রীসকলৰ অধিকসংখ্যকেই আছিল সৈনিক৷ জলো দ্বীপৰ বন্দৰত অৱতৰণ কৰাৰ প্রাক্ক্ষণত বিমানখনৰ যান্ত্রিক বিজুতি ঘটে৷
লক্ষণীয়ভাৱে বিধ্বস্ত বিমানখনৰ ইঞ্জিনত জুই লগাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বাতৰি যুগুতোৱাৰ পৰলৈ নিহত যাত্রীসকলৰ ৪২গৰাকী সামৰিক আৰু তিনি অসামৰিক বুলি সদৰী কৰিছে সেনাই৷ দুর্ঘটনাগ্রস্ত বিমানখন হৈছে লখিদ চি–১৩০ হাৰকিউলিছ মডেলৰ বিমান৷