নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–যুঁজৰ চিকিৎসকলৈ আগবঢ়াওক ভাৰত ৰত্নঃ কেজৰিৱাল

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ ক’ভিড যুঁজত প্রাণ হেৰুওৱা চিকিৎসকসকলক চলিত বর্ষত দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে আগবঢ়োৱা উচিত৷ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এই দাবী উত্থাপন কৰিছে৷

ছ’চিয়েল মিডিয়া টুইটাৰযোগে কেজৰিৱালে উল্লেখ কৰে যে ক’ভিড যুঁজত সমুখৰ পৰা সেৱা আগবঢ়াই যিসকল চিকিৎসকে প্রাণ হেৰুৱাইছে তেওঁলোকক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্রদান কৰিলে এয়া হ’ব সর্বোচ্চ সন্মান৷ দেশবাসীয়েও এই কার্যক আদৰণি জনাব বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ ভাৰতীয় চিকিৎসক, নার্ছ তথা অন্য স্বাস্থ্যকর্মীসকলে ক’ভিড যুঁজত যি সেৱা আগবঢ়াইছে সেয়া অতুলনীয় বুলি অভিহিত কৰিছে নেতাগৰাকীয়ে৷

স্মর্তব্য যে ভাৰতীয় চিকিৎসা সংস্থাই যোৱা ৩০ জুনত সদৰী কৰা অনুসৰি ক’ভিডৰ দ্বিতীয়টো জোৱাৰত মহামাৰী প্রতিৰোধৰ বাবে যুঁজ দি মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে ৭৯৮গৰাকী চিকিৎসকে৷ ইয়াৰ ভিতৰত দিল্লীত সর্বাধিক ১২৮গৰাকী চিকিৎসকে ক’ভিডত প্রাণ হেৰুওৱাবলগীয়া হৈছে৷ দিল্লীৰ পিছতে বিহাৰত ১১৫গৰাকী চিকিৎসকে ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে৷ এই চিকিৎসকসকলক ভাৰত ৰত্ন প্রদান কৰি শ্রদ্ধা জনোৱা উচিত বুলি দাবী জনাইছে কেজৰিৱালে৷

You might also like