চেন্নাই-বেংগালুৰুৰ আই টি আই পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
বিশেষ বাৰ্তা, ৭ অক্টোবৰ : অসম চৰকাৰে টাটা ইণ্ডাষ্ট্ৰীজৰ সহযোগত অসমৰ আই টি আইসমূহক উন্নত ঔদ্যোগিক প্ৰযুক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি অসমত গুণগত প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসমত আই টি আইসমূহত এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে যোৱা দুদিন ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চেন্নাই আৰু বেংগালুৰুস্থিত আই টি আই পৰিদৰ্শন কৰে। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মন্ত্ৰী বৰুৱাই চেন্নাইৰ গুইন্দী আৰু দ্বিতীয় দিনা বেংগালুৰুৰ পিন্যা আই টি আইত উপস্থিত হৈ আই টি আই দুখন পৰিদৰ্শন কৰি তাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
টাটা ইণ্ডাষ্ট্ৰীজৰ সহযোগত আই টি আইসমূহত ঔদ্যোগিক প্ৰশিক্ষণ ব্যৱস্থা যিদৰে উন্নত ৰূপত গঢ়ি তোলা হৈছে, সেয়া অতুলনীয় বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই নৱেম্বৰৰ পৰা পৰ্যায়ক্ৰমে অসমৰ ৬১খন আই টি আইত আৰম্ভ হ’বলগীয়া প্ৰযুক্তিগত প্ৰশিক্ষণ ব্যৱস্থাৰ এই ধৰণৰ উন্নীতকৰণে অসমত উদ্ভাৱন আৰু নিয়োগক এক নতুন গতি প্ৰদান কৰিব বুলি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই যাত্ৰা কালত মন্ত্ৰী বৰুৱাই ISRO, আই আই টি মাদ্ৰাছ, IISC বেংগালুৰু আদিৰ দৰে স্বনামধন্য প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি তাত চলি থকা বিভিন্ন গৱেষণামূলক কাম-কাজৰ ওপৰতো আলোচনাত মিলিত হয়।