কেদাৰনাথ–বদ্রীনাথ মন্দিৰত নিষিদ্ধ ম’বাইল ফোন
বিশেষ বাৰ্তা, ১৮ জুলাই : কেদাৰনাথ মন্দিৰত নিষিদ্ধ হ’ল ম’বাইল ফোনৰ ব্যৱহাৰ ৷ মন্দিৰত ছবি তোলা বা ভিডিঅ’ প্রস্তুত কৰা নিষিদ্ধ কৰিলে কর্তৃপক্ষই ৷ সম্প্রতি উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ সন্মুখত প্রেমিকক প্রেমৰ প্রস্তাৱ দিয়ে এগৰাকী মহিলা ব্লগাৰে ৷ ইয়াক লৈ তীব্র বিতর্কৰ সৃষ্টি হয় ৷ তাৰ পিছতে মন্দিৰ কর্তৃপক্ষই এই ব্যৱস্থা গ্রহণ কৰিছে ৷ মন্দিৰ চৌহদত ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰি কেইবাখনো হ’র্ডিং ওলমাইছে শ্রীবদ্রীনাথ–কেদাৰনাথ মন্দিৰ কমিটীয়ে ৷ হিন্দী আৰু বাংলা ভাষাত এই হ’র্ডিংবোৰ লিখা হৈছে৷