মোদীৰ অভিনন্দন : ড’নাল্ড ট্রাম্প মোৰ বন্ধু
নিউজ ডেস্ক, ৭ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হোৱা পৰম বন্ধু, প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ঐতিহাসিক বিজয়ৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত কয়– ঐতিহাসিক নির্বাচনী বিজয়ৰ বাবে মোৰ বন্ধু ড’নাল্ড ট্রাম্প আপোনাক আন্তৰিক অভিনন্দন৷ আপোনাৰ পূর্বৰ কার্যকালত সফলতাৰে গঢ়ি তোলা ভাৰত আৰু আমেৰিকাৰ গোলকীয় আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালীকৰণৰ বাবে পৰৱর্তী সময়ত মই আপোনাৰ সহযোগিতাৰ ওপৰত দৃষ্টি ৰাখিছোঁ৷ আমি একেলগে আমাৰ নাগৰিক আৰু গোলকীয় শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ কাৰণে কাম কৰি যাম৷ উল্লেখ্য যে ২০১৬–২০২০ চনলৈ ৰাষ্ট্রপতি পদত থকা ড’নাল্ড ট্রাম্পৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মধুৰ সম্পর্ক আছিল৷ ইজনে–সিজনক পৰম বন্ধু হিচাপে আখ্যা দিয়া দুয়োগৰাকী নেতাই পৰৱর্তী সময়ত দুয়োখন দেশৰ সম্পর্ক আৰু অধিক উন্নীতকৰণত গুৰুত্ব আৰোপ কৰিব৷ সামাজিক মাধ্যমত ট্রাম্পৰ সৈতে বিভিন্ন আলোকচিত্র প্রচাৰ কৰি প্রধানমন্ত্রী মোদীয়ে আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি ট্রাম্পক অভিনন্দন জ্ঞাপন কৰে৷ মন কৰিবলগীয়া যে ২০১৯ চনত আমেৰিকাত প্রধানমন্ত্রী মোদীয়ে ড’নাল্ড ট্রাম্পৰ সৈতে হাউডি মোদী কার্যসূচীত অংশ লৈছিল৷