ভাৰত–আমেৰিকাৰ বন্ধুত্বত নতুন অধ্যায়ৰ আৰম্ভণি
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে শুকুৰবাৰে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছত দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ চাৰিদিনীয়া ভ্রমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে শুকুৰবাৰে প্রথমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হয় মার্কিন ৰাষ্ট্রপতি বাইডেনৰ সৈতে৷
মার্কিন ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত বাইডেনৰ সৈতে মুখামুখিকৈ মিলিত হোৱা প্রধানমন্ত্রী মোদী আৰু বাইডেনৰ মাজত দ্বিপাক্ষিক বৈঠকৰ প্রাৰম্ভণিতে কিছু স্মৃতি জড়িত ৰসিক ঘটনাক লৈ আলোচনা হয়৷
মার্কিন উপ–ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে কার্যনির্বাহ কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্রমণ কৰাৰ সময়ত দুয়োজন নেতাৰ মাজত হোৱা কিছু স্মৃতিক লৈ ৰসাল আলোচনা চলে৷ আলোচনাৰ প্রাৰম্ভতে দুয়ো দেশৰ মুৰব্বীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে এই দ্বিপাক্ষিক বৈঠকে ভাৰত–আমেৰিকাৰ মাজত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব৷
মার্কিন ৰাষ্ট্রপতি বাইডেনে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বন্ধুত্বই অনেক গোলকীয় প্রত্যাহ্বান সমাধান কৰাত সহায় কৰিব পাৰে৷ তেনেদৰে প্রধানমন্ত্রী মোদীয়ে কয় যে দুই দেশৰ মাজত এই বৈঠকে বন্ধুত্ব শক্তিশালীকৰণত বীজ ৰোপণ কৰিলে৷ দুয়োগৰাকী নেতাৰ আলোচনাত ক’ভিড–১৯ পৰিস্থিতিৰ সৈতে যুঁজৰ ওপৰত আলোচনা চলাৰ লগতে জলবায়ু পৰিৱর্তন আৰু দুই দেশৰ মাজত বাণিজ্যৰ ওপৰত বিতং আলোচনা হয়৷ ক’ভিড–১৯ৰ সৈতে যুঁজত মার্কিন ৰাষ্ট্রপতি বাইডেনৰ ভূমিকাক প্রধানমন্ত্রী মোদীয়ে প্রশংসা কৰাৰ উপৰি জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত ৰাষ্ট্রপতিগৰাকীৰ পদক্ষেপক আদৰণি জনায়৷
আলোচনাৰ প্রাৰম্ভতে প্রধানমন্ত্রী মোদীয়ে কয়– এই দ্বিপাক্ষিক বৈঠক অতি গুৰুত্বপূর্ণ৷ এই শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিত আমি বৈঠকত বহিছোঁ৷ আপোনাৰ ব্যক্তিত্বই নিশ্চিতভাৱে দশকটোক আকাৰ দিয়াত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত শক্তিশালী বন্ধুত্বৰ কাৰণে বীজ ৰোপণ কৰা হৈছে৷ তদুপৰি মোদীয়ে কয় যে প্রযুক্তি চালিকা শক্তিত পৰিণত হৈছে৷ গতিকে আমি প্রতিভা আৰু দক্ষতা প্রযুক্তিত ব্যৱহাৰ কৰি বৃহৎ গোলকীয় উন্নয়নৰ কথাক প্রাধান্য দিব লাগিব৷ তেনেদৰে প্রধানমন্ত্রী মোদীয়ে দুই দেশৰ সম্পর্কৰ ক্ষেত্রত বাণিজ্য এক গুৰুত্বপূর্ণ কাৰক বুলি আখ্যা দিয়ে৷ বাণিজ্যই দুই দেশৰ সকলো ক্ষেত্রত সম্পর্ক অধিক উন্নীত কৰাত সহায় কৰিব৷ এনে ক্ষেত্রত দুই দেশৰ মাজত বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত গুৰুত্ব দিব লাগিব বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷ বৈঠকত দুই দেশৰ মাজত অর্থনৈতিক সহযোগিতাৰ সমান্তৰালকৈ আফগানিস্তান সন্দর্ভতো আলোচনা চলে৷
প্রবাসী ভাৰতীয়ৰ আমেৰিকা যুক্তৰাষ্ট্রত অৰিহণা সন্দর্ভত ৰাষ্ট্রপতি বাইডেনে কয় যে ৪০ লাখ ভাৰতীয় আমেৰিকানে প্রতিদিনে আমেৰিকাক শক্তিশালী ৰূপত গঢ়ি আছে৷ লক্ষণীয় যে মার্কিন ৰাষ্ট্রপতি বাইডেনে জাতিৰ পিতা মহাত্মা গান্ধীৰ গান্ধী জয়ন্তীৰ প্রসংগ উত্থাপন কৰাত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰে৷ ২ অক্টোবৰত গান্ধী জয়ন্তী উদ্যাপনৰ প্রসংগৰে ৰাষ্ট্রপতি বাইডেনক ধন্যবাদ জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মহাত্মা গান্ধীয়ে ন্যাসৰক্ষিতাক বিশ্বাস কৰিছিল৷ সাম্প্রতিক সময় তথা সময় বাগৰি যোৱাৰ লগে লগে গান্ধীজীৰ এই ধাৰণা অতি গুৰুত্বপূর্ণ হৈ গৈ আছে৷ কিয়নো গান্ধীজীৰ এই ধাৰণাইহে গোলকীয় প্রত্যাহ্বানক মোকাবিলা কৰিব পাৰে৷
Meeting @POTUS @JoeBiden at the White House. https://t.co/VqVbKAarOV
— Narendra Modi (@narendramodi) September 24, 2021