নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ যোগান শক্তিশালীকৰণৰ বাবে ব্যয় কৰিব ৩,২৮৪ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসমৰ বিদ্যুৎ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৩,২৮৪ কোটি টকা ব্যয়ৰ সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে৷ শুকুৰবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে বিদ্যুৎ যোগানৰ সমগ্র ব্যৱস্থাটো শক্তিশালীকৰণৰ বাবে ৩,২৮৪ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷

সেই অনুসৰি বিদ্যুৎ সংবহনৰ বাবে ১৯৬টা নতুন বিদ্যুৎ উপকেন্দ্র নির্মাণ, ২,৬০৫ কিলোমিটাৰ দৈর্ঘ্যৰ নতুন ৩৩ কে ভি লাইন স্থাপন, ৩,০১৮ কিলোমিটাৰ দৈর্ঘ্যৰ নতুন ১১ কে ভি লাইন স্থাপন, ২,৬৭৪টা নতুন হাইভ’ল্টেজ ট্রেন্সফর্মাৰ স্থাপন, ১,৮৬,২৫৫টা নতুন গ্রাহক প্রি–পেইড স্মার্ট মিটাৰ স্থাপন আৰু ৪০ হাজাৰ নতুন ট্রেন্সফর্মাৰ মিটাৰ স্থাপন কৰা হ’ব৷ 

কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মন্ত্রী পীয়ূষ হাজৰিকাই  জানিবলৈ দিয়া মতে, কেবিনেটে আজি কর্তব্যৰ সময়ত মৃত্যুমুখত পৰা সামৰিক অথবা অর্ধসামৰিক বাহিনীত কর্মৰত অসমৰ জোৱানসকলৰ নিকটাত্মীয়লৈ আগবঢ়োৱা এককালীন আর্থিক সাহায্যৰ পৰিমাণ বর্তমানৰ ২০ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে কর্তব্যৰ সময়ত প্রাণ হেৰুওৱা ৰাজ্যৰ আৰক্ষী বিষয়া–কর্মী, গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলৰ নিকটাত্মীয়লৈও ৫০ লাখ টকাকৈ এককালীন আর্থিক সাহায্য প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আজিৰ কেবিনেটে অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ শ্রমিকসকললৈ অহা শাৰদীয় উৎসৱৰ সময়ত ২০ শতাংশ বোনাছ প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ বাবে চৰকাৰৰ ব্যয় হ’ব ২৪ কোটি টকা৷ কেবিনেটে ৬৬.৩৪ কোটি টকা ব্যয়েৰে ৰাজ্যৰ পঞ্চায়ত প্রতিনিধিসকলৰ বকেয়া পাৰিতোষিক বিত্ত বিভাগে মুকলি কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰে৷ 

কেবিনেট বৈঠকে আবকাৰী বিভাগৰ ৰাজহ ক্ষতি হ্রাস কৰাৰ লক্ষ্যৰে অন্যান্য ব্যৱস্থাৰ লগতে চুবুৰীয়া ৰাজ্য বিশেষকৈ অৰুণাচল প্রদেশৰ পৰা সুৰাৰ সৰবৰাহৰ ক্ষেত্রত ট্রেনজিট পাছ ব্যৱস্থা প্রৱর্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বৈঠকে চুলাই মদ সেৱনক নিৰুৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰী অনুমোদিত দেশীয় সুৰাৰ অনুজ্ঞাপত্রৰ মাচুল, আবেদন মাচুল, আমানত ধন জমা, আবকাৰী শুল্ক আদি হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷  কালিৰ কেবিনেটে ৰাজ্যখনত থকা আদর্শ বিদ্যালয়সমূহ পৰিচালনাৰ বাবে এক আদর্শ বিদ্যালয় সংগঠন গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷

সেইদৰে ৰাজ্যৰ প্রতিটো বিধানসভা সমষ্টিতে অতি কমেও এখনকৈ আদর্শ বিদ্যালয় স্থাপনৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷ কেবিনেট বৈঠকে কৃষি বিভাগৰ সবলীকৰণ তথা বিভাগটোৰ কর্মশক্তি বৃদ্ধি কৰাৰ বাবে প্রতিখন জিলাতে একোজনকৈ প্র’গ্রেম অফিচাৰ, একাউণ্ট অফিচাৰ আৰু মিডিয়া এক্সপার্ট নিযুক্তি দিয়াৰ  সিদ্ধান্ত গ্রহণ কৰে৷ বৈঠকে বর্তমান অনিয়মীয়া হৈ থকা লোকপ্রিয় গোপীনাথ বৰদলৈ বঁটা ২০২১ বর্ষৰ পৰা প্রতি দুবছৰৰ অন্তত নিয়মীয়াকৈ প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৰাষ্ট্রীয় সংহতিত অৰিহণা যোগোৱা অথবা ৰাষ্ট্রলৈ বৰঙণি আগবঢ়োৱা ৰাজ্য অথবা ৰাজ্যৰ বাহিৰৰ ব্যক্তি বা সংস্থালৈ এই বঁটা আগবঢ়োৱা হ’ব৷ এই বঁটাৰ নগদ ধনৰ পৰিমাণ পূর্বৰ ২ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়৷

কেবিনেট বৈঠকে ৰাজ্য চৰকাৰে প্রৱর্তন কৰা প্রধান ৰাজ্যিক অসামৰিক বঁটাসমূহৰ নাম সালসলনিৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি অসমৰত্ন বঁটাৰ নাম অসম বৈভৱ, অসম বিভূষণ বঁটাৰ নাম অসম সৌৰভ আৰু অসম ভূষণ তথা অসমশ্রী বঁটাৰ নাম অসম গৌৰৱলৈ সলনি কৰাত অনুমোদন দিয়ে৷ বৈঠকে ৰাজ্যৰ নাগৰিকসকলক মাটি–বাৰীৰ দীর্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে ৰাজহ প্রশাসনৰ আমূল সংস্কাৰৰ বাবে ২০৯.৮৪ কোটি টকা ব্যয়েৰে মিছন বসুন্ধৰা নামৰ এক অভিলাষী পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লয়৷ অহা ২ অক্টোবৰত মুখ্যমন্ত্রীয়ে এই বিষয়ে সবিশেষ অৱগত কৰিব৷

শুকুৰবাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি প্রতিমাহে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠকত অংশগ্রহণৰ বাবে অহা–যোৱা পথত প্রতিগৰাকী মন্ত্রীয়ে একোখনকৈ জিলা ভ্রমণ কৰি বিভিন্ন কাম–কাজ পর্যালোচনা কৰিব৷ সেইমর্মে ৩০ ছেপ্ঢেম্বৰত ধেমাজিত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠকত অংশ ল’বলৈ যোৱা মন্ত্রীসকলে ভ্রমণ কৰিবলগীয়া জিলাসমূহ আৰু পর্যালোচনা কৰিবলগীয়া কাম–কাজসমূহ  কেবিনেটত স্থিৰ কৰা হয়৷ সেই অনুসৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কেবিনেট বৈঠকলৈ অহা–যোৱাৰ পথত কামৰূপ আৰু ডিব্রুগড় জিলা, অতুল বৰাই দৰং আৰু শিৱসাগৰ জিলা, চন্দ্রমোহন পাটোৱাৰীয়ে ওদালগুৰি আৰু যোৰহাট জিলা, উর্খাও গৌৰা ব্রহ্মই শোণিতপুৰ আৰু মৰিগাঁও জিলা, পৰিমল শুক্লবৈদ্যই বিশ্বনাথ আৰু গোলাঘাট জিলা, কেশৱ মহন্তই লখিমপুৰ আৰু চৰাইদেউ জিলা, ৰণোজ পেগুৱে কামৰূপ জিলা, অশোক সিংঘলে নগাঁও আৰু লখিমপুৰ জিলা, যোগেন মহনে গোলাঘাট আৰু ওদালগুৰি জিলা, সঞ্জয় কিষাণে যোৰহাট আৰু শোণিতপুৰ জিলা,  অজন্তা নেওগে শিৱসাগৰ আৰু বিশ্বনাথ জিলা, পীয়ূষ হাজৰিকাই ডিব্রুগড় আৰু দৰং জিলা আৰু বিমল বৰাই চৰাইদেউ আৰু নগাঁও জিলা ভ্রমণ কৰি বিভিন্ন কাম–কাজৰ বুজ ল’ব৷ 

You might also like