নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পৰা দূৰত থাকিলেও ভাৰতবাসীৰ হূদয়ত আছে আপুনি

🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রত বাহৰ পতা শুভাংশুৰ সৈতে মোদীৰ বার্তালাপ

🔹 মহাকাশত গাজৰৰ হালোৱা-আমৰ ৰসৰ সোৱাদ ল’লে শুক্লা আৰু তেওঁৰ সতীৰ্থই

নিউজ ডেস্ক, ২৯ জুন : ইতিহাস সৃষ্টিৰে প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছত বাহৰ পাতি থকা সুভাংশু শুক্লাৰ সৈতে কালি অন্তৰংগ আলাপ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ১৯৮৪ চনত প্রথমগৰাকী মহাকাশচাৰী হিচাপে ৰাকেশ শর্মাই ৰাছিয়াৰ অভিযানত অংশ লোৱাৰ ৪১ বছৰৰ মূৰকত দ্বিতীয়গৰাকী মহাকাশচাৰী তথা আইএছএছত বাহৰ পতা প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে যদিও তেওঁ ভাৰতৰ পৰা বহু দূৰত আছে তথাপি তেওঁ প্রতিগৰাকী ভাৰতীয়ৰ হূদয়ত আছে বুলি কয়৷

মহাকাশৰ পৰা ভাৰতৰ নান্দনিক দৃশ্য দেখি আৱেগিক হৈ থকা বুলিও মহাকাশচাৰী গ্রুপ কেপ্টেইন শুক্লাই প্রধানমন্ত্রী মোদীৰে বার্তালাপত প্রকাশ কৰে৷ সুভাংশুৰ যাত্রাই ভাৰতীয় মহাকাশ অভিযানৰ নতুন যুগৰ আৰম্ভণি কৰা বুলিও মহাকাশচাৰীগৰাকীক অভিনন্দন জনাই প্রধানমন্ত্রী মোদীয়ে কয়– যদিও আমি দুজনেই বার্তালাপ কৰি আছোঁ, তথাপি ১৪০ কোটি ভাৰতীয়ৰ আৱেগ আপোনাৰ সৈতে আছে৷ প্রধানমন্ত্রীয়ে শুক্লাক স্বাস্থ্য সন্দর্ভত সোধোতে মহাকাশচাৰীজনে কয় যে সকলো ঠিকে–ঠাকে আছে আৰু আন মহাকাশচাৰীকেইজনো সুকলমে আছে৷ মহাকাশৰ পৰা শুক্লাৰ কণ্ঠই প্রতিগৰাকী ভাৰতীয়ক উৎসাহিত কৰা বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷

১৪০ কোটি ভাৰতীয় আৰু প্রধানমন্ত্রীক কৃতজ্ঞতা জনাই গ্রুপ কেপ্টেইন শুক্লাই কয়– মহাকাশত তেওঁ অতি ভালদৰে আছে আৰু নতুন নতুন অভিজ্ঞতা লাভ কৰি আছে৷ এই যাত্রা কেৱল তেওঁৰ নহয়, সমগ্র দেশৰেই৷ বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে গাজৰৰ হালোৱা লগত লৈ গৈছে নে নাই সেয়াও শুক্লাক সোধে৷ মহাকাশচাৰীজনে উৎসাহ প্রদর্শন কৰি লগত গাজৰৰ হালোৱা লৈ যোৱা বুলি কয়৷ তদুপৰি তেওঁ লগত আমৰ ৰস নিয়া বুলিও প্রধানমন্ত্রীক অৱগত কৰে৷

মহাকাশত গ্রুপ কেপ্টেইন শুক্লাই কিদৰে নিজকে পৰিস্থিতিৰ লগত মিলাইছে সেই সন্দর্ভত প্রধানমন্ত্রীয়ে সোধা প্রশ্ণৰ উত্তৰত গ্রুপ কেপ্টেইন শুক্লাই কয় যে মহাকাশত সকলোবোৰেই পৃথক৷ এবছৰৰ কাৰণে প্রশিক্ষণ লৈ এই সন্দর্ভত তেওঁ জ্ঞান লৈছিল৷ কিন্তু যেতিয়া তেওঁ তালৈ গ’ল গোটেই বিষয়টোৱেই সলনি হৈ গৈছিল৷ মাধ্যাকর্ষণৰ অনুপস্থিতিৰ বাবে সকলো ক্ষুদ্র ক্ষুদ্র বস্তুৱেই পৃথক হৈ পৰিছিল৷ মহাকাশত টোপনি মৰাটো অতিকৈ প্রত্যাহ্বানজনক৷ পৰিৱেশৰ লগত খাপ খাবলৈ সময় লৈছে বুলিও প্রধানমন্ত্রীক অৱগত কৰে গ্রুপ কেপ্টেইন শুক্লাই৷ উল্লেখ্য যে এএক্স–৪ অভিযানত অংশ লৈ ২৫ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্রৰ পৰা আন তিনি মহাকাশচাৰীৰ সৈতে ভাৰতীয় সেনাৰ গ্রুপ কেপ্টেইন সুভাংশু শুক্লা স্পেচএক্সৰ ড্রেগন যানেৰে মহাকাশলৈ গৈছে৷ ২৮ ঘণ্টা পৃথিৱীক প্রদক্ষিণ কৰি থাকি ২৬ জুনৰ বিয়লি ৪.০৩ বজাত আইএছএছত প্রৱেশ কৰিছিল৷

You might also like