নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদীক সন্মানীয় ‘কী টু দ্য চিটী অৱ জর্জটাউন’ অর্পণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ ব্রাজিলত জি–২০ সন্মিলনত অংশ লৈ ঐতিহাসিক গায়েনা ভ্রমণ আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৫০ বছৰতকৈও অধিক সময়ৰ পাছত ভাৰতীয় প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদী জর্জটাউনত উপস্থিত হয়৷ জর্জটাউনত উপস্থিত হোৱাৰ পাছতে ভাৰতীয় প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়৷ ১৮০ বছৰ পূর্বে ভাৰতৰ পৰা প্রব্রজিত নাগৰিকসকলে গায়েনাত বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈ ভাৰতীয় সংস্কৃতি বর্তাই ৰাখিছে৷ এই প্রবাসী ভাৰতীয়সকলে প্রধানমন্ত্রী মোদীক ভাৰতীয় পৰম্পৰাৰে আদৰণি জনায়৷ জর্জটাউনৰ হোটেলত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক গায়েনাৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীয়ে বিশেষভাৱে আদৰণি জনায়৷ ইয়াৰ উপৰি বার্বাডোজৰ প্রধানমন্ত্রীয়েও মোদীক আদৰণি জনায়৷ ইপিনে ভাৰত–গায়েনাৰ ঐতিহাসিক সম্পর্কৰ স্বীকৃতি হিচাপে জর্জটাউনৰ মেয়ৰে প্রধানমন্ত্রী মোদীক অর্পণ কৰে ‘কী টু দ্য চিটী অৱ জর্জটাউন’৷ পৃথিৱীৰ ভিতৰত অন্যতম পুৰণি প্রবাসী ভাৰতীয়ৰ বাসভূমি গায়েনাত প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় মূলৰ লোকসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়৷ ভাৰতীয় পতাকা হাতত লৈ পৰম্পৰাগত সাজ–পোছাক পৰিহিত লোকসকলে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ সময়ত উৎসাহ প্রদর্শন কৰে৷ ভাৰতীয় সম্প্রদায়ৰ এজন সদস্যই মোদী মোদী ধ্বনি দি তেওঁৰ দ্বাৰা অংকিত মোদীৰ স্কেচ্চ এখনো প্রধানমন্ত্রীক অর্পণ কৰে৷ গায়েনাৰ জর্জটাউনত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক বিমানবন্দৰত অভাৱনীয়ভাৱে দেশখনৰ ৰাষ্ট্রপতি ইৰফান আলীয়ে আদৰণি জনায়৷ গায়েনা ভ্রমণৰ সময়তে প্রধানমন্ত্রী মোদীক দেশখনৰ চৰকাৰে সর্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হ’ব বুলিও আনুষ্ঠানিকভাৱে প্রকাশ কৰে৷ গায়েনাৰ উপৰি বার্বাডোজে তেওঁলোকৰ দেশখনৰ সর্বোচ্চ অসামৰিক সন্মান আগবঢ়াব প্রধানমন্ত্রী মোদীক৷ ডমিনিকাৰ সর্বোচ্চ সন্মান আগবঢ়োৱাৰ পাছত প্রধানমন্ত্রী মোদীলৈ গায়েনাৰ সর্বোচ্চ সন্মান ‘দ্য অর্ডাৰ অৱ এক্সিলেঞ্চ’ আৰু বার্বাডোজৰ ‘অনাৰী অর্ডাৰ অৱ ফ্রীডম অৱ বার্বাডোজ’ মোদীক আনুষ্ঠানিকভাৱে প্রদান কৰে৷ নাইজেৰিয়া আৰু ব্রাজিল ভ্রমণৰ পাছত গায়েনাত উপস্থিত হোৱা মোদীয়ে পাঁচদিনীয়া ভ্রমণসূচী সামৰি নতুন দিল্লীলৈ উভতি আহিব৷

You might also like