নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমাৰ সিপাৰ-ৰ গুলীৰ প্রত্যুত্তৰ দিয়া হ’ব গোলাৰে

🔹 যুদ্ধবিৰতিৰ প্রসংগত মার্কিন উপ–ৰাষ্ট্রপতিক স্পষ্ট বার্তা মোদীৰ

নিউজ ডেস্ক, ১২ মে’ : সীমাৰ সিপাৰ-ৰ গুলীৰ প্রত্যুত্তৰ দিয়া হ’ব গোলাৰে- স্পষ্ট বার্তা মোদীৰ। আমেৰিকাৰ প্রচেষ্টা তথা অন্য বহু দেশৰ আশাৰ প্রতি ইতিবাচক সঁহাৰি প্রদর্শন কৰি পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ প্রতি ভাৰত সন্মত হৈছে যদিও পাকিস্তানৰ যিকোনো অবাঞ্ছিত কার্যৰ কঠোৰ প্রত্যুত্তৰ দিব ভাৰতে৷ সেই স্থিতিত অটল হৈ আছে নতুন দিল্লী প্রশাসন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্পষ্ট ভাষাত মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভান্সক জনাইছে যে পাকিস্তানে যদি গুলীচালনা কৰে, তেন্তে ভাৰতে গোলাবর্ষণ কৰিব৷ যুদ্ধবিৰতিৰ প্রতি ভাৰতে সহমত পোষণ কৰিছে৷ এই শান্তি পর্বত আমেৰিকাই মধ্যস্থতা কৰিব বিচাৰিছে৷ তেতিয়াই প্রধানমন্ত্রী মোদীয়ে ভান্সক জনাই দিছে যে ইছলামাবাদ প্রশাসনে ভাৰতৰ ওপৰত আক্রমণৰ চেষ্টা চলালে নতুন দিল্লীয়ে কঠোৰ প্রত্যুত্তৰ দিব৷ পাকিস্তানৰ সৈতে যুদ্ধবিৰতি হ’লেও সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে কেতিয়াও যুদ্ধ বন্ধ নকৰে বুলিও মোদীয়ে ঘোষণা কৰিছে৷ অর্থাৎ সন্ত্রাসবাদৰ বিৰুদ্ধে পূর্বৰ দৰে ভাৰতৰ যুদ্ধ অব্যাহত থাকিব বুলি মার্কিন উপ–ৰাষ্ট্রপতিগৰাকীক জনাই দিছে মোদীয়ে৷ মাত্র এদিন পূর্বে একেই ঘোষণা কৰিছিল বিদেশ মন্ত্রী এছ জয়শংকৰে৷ ইছলামাবাদৰ অনুনয়–বিনয়ে ভাৰতক যুদ্ধবিৰতিৰ প্রতি সন্মত হ’বলৈ বাধ্য কৰাইছে বুলি কালি ইংগিত দিছিল বিদেশ মন্ত্রী জয়শংকৰে৷ লক্ষণীয় বিষয়টো হৈছে চাৰিদিনীয়া সংঘর্ষত বাৰে বাৰে ব্যর্থতাৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তান৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি পৰাজয় নিশ্চিত বুলি জানিয়েই সন্ধিৰ প্রস্তাৱ আগবঢ়ায় শ্বেহৱাজ শ্বৰীফ চৰকাৰে৷ আমেৰিকাৰ মধ্যস্থতাত সেই প্রস্তাৱত ৰাজী হয় ভাৰত৷ কিন্তু মাত্র কেইঘণ্টামানৰ ভিতৰতে যুদ্ধবিৰতি উলংঘা কৰি সীমান্তৱর্তী অঞ্চলত গুলীচালনা কৰে পাকিস্তানে৷ ইয়াৰ প্রত্যুত্তৰ দিয়ে ভাৰতেও৷ পৰহি মোদীৰ সৈতে বার্তালাপৰ পিছত ভান্সে পাকিস্তানৰ সেনাপ্রধান আছিফ মুনিৰৰ সৈতে আলোচনা কৰে৷ ইয়াৰ পিছত বিদেশ মন্ত্রী জয়শংকৰৰ সৈতে যুদ্ধবিৰতিক লৈ আলোচনা কৰে মার্কিন প্রতিনিধিসকলে৷ তেতিয়াই মোদীয়ে হুংকাৰ দিছে যে পাকিস্তানৰ দিশৰ পৰা গুলী চলিলে ভাৰতে গোলাবর্ষণ কৰিব৷ ইয়াৰ উপৰি নতুন দিল্লী প্রশাসনৰ তৰফৰ পৰা ভান্সক এই কথা জনাই দিয়া হৈছে যে দুটা বিষয়ক লৈ পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ প্রস্তুত ভাৰত৷ প্রথমটো হৈছে– পাক অধিকৃত কাশ্মীৰ আৰু দ্বিতীয়টো, সন্ত্রাসবাদীৰ হস্তান্তৰ৷ স্মর্তব্য যে ভাৰত–পাকিস্তানৰ যুদ্ধবিৰতিৰ বিষয়টো প্রথমতে পোহৰলৈ আনে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ পৰহি বিয়লি ৫.৪২ বজাত ট্রাম্পে এক্স হেণ্ডেলৰ এটা পোষ্টত উল্লেখ কৰে– ‘সমগ্র নিশা দীর্ঘ আলোচনাৰ পিছত দুয়োখন দেশে এই মুহূর্তৰ পৰা সম্পূর্ণৰূপে যুদ্ধবিৰতিত ৰাজী হৈছে৷ সঠিক সময়ত বাস্তৱ জ্ঞানক কামত লগোৱা বাবে উভয়পক্ষকে শুভেচ্ছা জনাইছোঁ৷’ লক্ষণীয় যে ট্রাম্পৰ এই বক্তব্যৰ পিছতে যুদ্ধবিৰতিৰ বিষয়টো স্পষ্ট হৈ পৰে যদিও প্রতিৱেশী দেশখনে জম্মু–কাশ্মীৰ সীমান্তত গুলীচালনা কৰি যুদ্ধবিৰতি উলংঘা কৰে৷ ইয়াৰ প্রত্যুত্তৰ দিয়ে ভাৰতে৷ ইয়াৰ মাজতে প্রধানমন্ত্রী মোদীয়ে পাকিস্তানলৈ হুংকাৰ দি কয় যে গুলীৰ প্রত্যুত্তৰ গোলাৰে দিয়া হ’ব৷

You might also like